৩ বছৰীয়া অপেক্ষাৰ পিছত প্ৰত্যাৱৰ্তনতে চমক বৰুণৰ

৬ অক্টোবৰ, ২০২৪

TV9 ASSAM

বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ আজি প্ৰথমখন মেচত ঘৰুৱা দল ভাৰতে সহজে জয়লাভ কৰিছে। মেচখনত ৭ উইকেটত জয়ী হয় ভাৰত।

ভাৰতৰ জয়

এই মেচখন স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ বাবে আছিল বিশেষ। ৩ বছৰৰ পাছত ভাৰতীয় দললৈ পুনৰ উভতিছে বৰুণ চক্ৰৱৰ্তী।

বৰুণৰ প্ৰত্যাৱৰ্তন

ইয়াৰ পূৰ্বে বৰুণ চক্ৰৱৰ্তীয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ সময়ত স্কটলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ অন্তিমখন মেচ খেলিছিল।

দীঘলীয়া অপেক্ষা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনতে বৰুণে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ৪ অভাৰত ৩১ ৰানত ৩টা উইকেট দখল কৰে।

সফল বৰুণ

প্ৰথম অভাৰতে বৰুণে ১৫ ৰান খৰচ কৰিছিল যদিও পিছৰ তিনিটা অভাৰত মাত্ৰ ১৬ ৰান খৰচ কৰি দখল কৰে ৩টা উইকেট।

দিলে চমক

বৰুণৰ প্ৰত্যাৱৰ্তনত ভাৰতৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ ভূমিকা আছে বুলি ধাৰণা কৰা হৈছে। গত আইপিএলত কেকেআৰৰ মেণ্টৰ আছিল গম্ভীৰ।

গম্ভীৰৰ ভূমিকা

গত ছিজনৰ আই পি এলত কলকাতাৰ খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বৰুণে ১৫খন মেচত ২১টা উইকেট দখল কৰিছিল।

আইপিএলত সফলতা

পঢ়িবলৈ ক্লিক কৰক

এনে লোকে খাব নালাগে মগু দাইল