পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰে নেকি এই সামগ্ৰী? 

9  Jan 2025

TV9 ASSAM

বাস্তু শাস্ত্ৰত পাকঘৰৰ মহত্ব অতি গুৰুত্বপূৰ্ণ। ইয়াতেই ঘৰৰ প্ৰতিগৰাকী সদস্যৰ বাবে খাদ্য প্ৰস্তুত কৰা হয়। গতিকে পাকঘৰৰ বাস্তু দোষৰ প্ৰভাৱ ঘৰৰ প্ৰতিগৰাকী সদস্যৰ ওপৰত পৰে।

পাকঘৰ

পাকঘৰত কাম কৰি থকাৰ সময়ত কেতিয়াবা হাতৰ পৰা কিবা বস্তু পৰি যায়। এয়া আমি সৰু ঘটনা বুলি ভাবো। কিন্তু বাস্তু শাস্ত্ৰ মতে এনে ঘটনাই বাস্তু দোষৰ সংকেত দিয়ে।

বস্তু পৰি যোৱা

বাস্তু শাস্ত্ৰত উল্লেখ আছে যে পাকঘৰৰ কোনবিধ বস্তু কোন ঠাইত থব লাগে। ইয়াৰোপৰি উল্লেখ আছে যে পাকঘৰত কিছুমান সামগ্ৰী পৰি যোৱাতো শুভ লক্ষণ নহয়।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰ অনুসৰি পাকঘৰত হাতৰ পৰা হালধি পৰি যোৱা অত্যন্ত শুভ। মান্যতা অনুসৰি আপোনাৰ ওপৰত হালধি পৰিলে মাংগলিক কাৰ্য অনুষ্ঠিত হোৱাৰ সংকেত দিয়ে।

শুভ

পাকঘৰত গাখীৰ উতলি প্ৰায়ে পৰে। বাস্তু শাস্ত্ৰ অনুসৰি গাখীৰ উতলি পৰি যোৱা বেয়া। ইয়ে ঘৰৰ শান্তিৰ বাবে এক অশুভ সংকেত।

অশুভ

বাস্তু শাস্ত্ৰ অনুসৰি গাখীৰৰ বাহিৰে নিমখ আৰু চেনি হাতৰ পৰা পৰি যোৱা বেয়া। কোৱা হয় হাতৰ পৰা বাৰে বাৰে চেনি-নিমখ পৰিলে জীৱনত আহিবলগীয়া সমস্যাৰ সংকেত দিয়ে।

নিমখ-চেনি

বাস্তু শাস্ত্ৰ অনুসৰি তেলৰ সম্পৰ্ক শনিদেৱৰ সৈতে আছে। পাকঘৰত বাৰে বাৰে হাতৰ পৰা সৰিয়হ তেল পৰি যোৱা অশুভ। ইয়ে আপোনাৰ কুণ্ডলীত থকা শনি দোষৰ সংকেত দিয়ে।

সৰিয়হ তেল

পঢ়িবলৈ ক্লিক কৰক 

হাতলৈ টকা আহিলে খৰচ হৈ যায় নেকি?