TV9 ASSAM
বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰত কিছুমান উদ্ভিদ ৰাখিলে বাস্তু আৰু গ্ৰহ দোষ দূৰ হয়। সেয়ে আজিকালি বহুতে ঘৰৰ বাহিৰৰ লগতে ঘৰৰ ভিতৰতে বিভিন্ন সৰু গছ- উদ্ভিদ ৰাখে।
ঘৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ কোঠা। ইয়াতে ব্যক্তিয়ে ভৱিষ্যতৰ পৰিকল্পনা কৰে, দিনৰ ভাগৰ নোহোৱা কৰে আৰু আৰামদায়ক টোপনি লয়।
বাস্তু শাস্ত্ৰ অনুসৰি মানি প্লান্ট ঘৰৰ ভিতৰত বা বাহিৰত ৰখা বহু শুভ। শুৱনি কোঠাত মানি প্লান্ট ৰাখিলে জীৱনৰ পৰা সকলো সমস্যা নোহোৱা হয় বুলি বিশ্বাস আছে।
শুৱনি কোঠাত লিলি প্লান্ট ৰখাতো ভাল বুলি কোৱা হয়। ই শুৱনি কোঠাত ইতিবাচক শক্তি কঢ়িয়াই আনে আৰু ব্যক্তিয়ে বেয়া সপোন নেদেখে। লিলি প্লান্ট সুখ, সমৃদ্ধি আৰু শান্তিৰ প্ৰতীক।
বাস্তু শাস্ত্ৰ অনুসৰি ফেংচুইৰ বাঁহৰ গছ অত্যন্ত ভাগ্যশালী। ইয়াত শুৱনি কোঠাত ৰাখিব লাগে। কোঠাৰ দক্ষিণ- পূৱ কোণত ইয়াক ৰখা অত্যন্ত শুভ বুলি কোৱা হয়।
শুৱনি কোঠাত লেবেণ্ডাৰ ৰখা শুভ। ই ধুনীয়া হোৱাৰ লগতে ভাল গোন্ধ বিয়পায়। যাৰ ফলত কোঠাতো ইতিবাচক হৈ থাকে। লেবেণ্ডাৰ বিচনাৰ ওচৰৰ টেবুলত ৰাখিব লাগে।
শুৱনি কোঠাত এইসমূহ মানি প্লান্ট ৰাখিলে সুখ সমৃদ্ধি আছে। ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া কম হয় আৰু মৰম বৃদ্ধি পায়। গতিকে শুৱনি কোঠাত আপুনিও এই গছ থৈ দিব পাৰে।
পঢ়িবলৈ ক্লিক কৰকল