সংগীৰ লগত কাজিয়া দূৰ কৰাৰ উপায়...

6 Jan 2025

TV9 ASSAM

স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ হোৱা অত্যন্ত জৰুৰী। কেতিয়াবা সৰু সৰু কথাত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হয় আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ সম্পৰ্কৰ ওপৰত পৰে।

স্বামী-স্ত্ৰীৰ সম্পৰ্ক

বাস্তু শাস্ত্ৰ অনুসৰি যদি পতি-পত্নীৰ শোৱনিকোঠাত কিছুমান বস্তু থাকে তেন্কে কাজিয়া হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো বেয়া প্ৰভাৱ পৰে।

সম্পৰ্কত প্ৰভাৱ

বাস্তু শাস্ত্ৰ অনুসৰি ভঙা ঘড়ী, ভঙা আইনা, ভঙা বাচন আদি নকৰাত্মক শক্তিৰ প্ৰতীক। এই বস্তুবোৰ কোঠাত থাকিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় যাৰ ফলত কাজিয়া লাগে। এইবোৰ ভঙা বস্তু কোঠাত ৰাখিব নালাগে।

ভঙা বস্তু

কাঁইটীয়া গছ যেনে কেকটাছ, গোলাপ আদি শোৱনি কোঠাত ৰাখিব নালাগে। ই নকৰাত্মক শক্তিৰ সৃষ্টি কৰে যাৰ ফলত অশান্তিৰ সৃষ্টি হয়। সেয়ে এই গছ কোঠাৰ পৰা আঁতৰাব লাগে।

কাঁইটীয়া গছ

খং বা দুখ কৰি থকা ফটো, মৃত ব্যক্তি, যুদ্ধ আদিৰ ফটো শোৱনি কোঠাত ৰাখিব নালাগে। ই নকৰাত্মক শক্তি সৃষ্টি কৰি ঘৰলৈ অশান্তি আনে। সেয়ে এই বস্তুবোৰ কোঠাৰ পৰা দূৰ কৰিব লাগে।

ফটো

শোৱনিকোঠাত অলাগতিয়াল বস্তু যেনে পুৰণি কাপোৰ, পুতুলা আদি ৰাখিব নালাগে। গতিকে এনে বস্তুসমূহ শোৱনিকোঠাৰ পৰা আঁতৰাই দিলে ঘৰলৈ শান্তি আহিব।

অলাগতিয়াল বস্তু

ধৰ্মীয় কিতাপ সদায় পূজাঘৰত ৰাখিব লাগে।  শোৱনিকোঠাত ধৰ্মীয় কিতাপ ৰাখিলে ভগৱান অপমানিত হয় আৰু জীৱনত সমস্যা অহাৰ সম্ভাৱনা থাকে।

ধৰ্মীয় কিতাপ

শোৱনিকোঠাত ডাঠ ৰং ব্যৱহাৰ কৰিব নালাগে।  পাতল ৰং যেনে সেউজীয়া, গোলপীয়াস হালধীয়া আদি শান্তি আৰু প্ৰেমৰ প্ৰতীক। ইয়াৰোপৰি শোৱনি কোঠাত আইনা এনেকৈ ৰাখিব লাগে যাতে শুৱাৰ সময়ত নিজক দেখা নাপায়।

ডাঠ ৰং

পঢ়িবলৈ ক্লিক কৰক 

উজ্বল ছালৰ বাবে কৰক এই কাম