TV9 ASSAM
ঘৰৰ কিছুমান কাম মহিলাসকলে ভুলতো কৰিব নালাগে বা কিছুমান বস্তু আনক দিব নালাগে। যদি এই কামসমূহ মহিলাই কৰে তেন্তে ইয়াৰ ফলত ঘৰত ধনৰ সমস্যা হয় বুলি কোৱা হয়।
বাস্তু শাস্ত্ৰ অনুসৰি মহিলাই ভুলতো নিজৰ সেন্দুৰ অন্য মহিলাক দিব নালাগে। এনে কৰিলে স্বামীৰ আয়ুস কম হোৱাৰ লগতে উন্নতিক বাধা আহি পৰে।
বিবাহিতা মহিলাসকলে ভুলতো নিজৰ পায়েল আৰু খাড়ু অন্য মহিলাক দিব নালাগে। কোনো অন্য মহিলাক এই বস্তু দিয়াটো অশুভ বুলি গন্য কৰা হয়।
বিবাহিতা মহিলাসকলে কেতিয়া কপালৰ ফোট খুলি আনক দিব নালাগে। এনে কৰিলে ঘৰত টকাৰ সমস্যা হোৱাৰ লগতে স্বামীৰ আৰ্থিক সমস্যা হয়। লগতে ভাগ্য ভালে নাথাকে।
বিবাহিতা মহিলাসকলে নিজৰ স্বামীৰ গোপন কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। এনে কৰিলে মানুহৰ বেয়া নজৰ আপোনালোকৰ সম্পৰ্কত পৰিব পাৰে।
স্বামীক অৱগত নকৰাকৈ কোনো মহিলাই নিজৰ স্বামীৰ বেগৰ পৰা টকা লব নালাগে। এনে কৰিলে ঘৰত আৰ্থিক সমস্যা হয় বুলি বাস্তু শাস্ত্ৰই কয়।
বিবাহিত মহিলাসকলে কেতিয়াও চুলি বান্ধি পূজা কৰিব নালাগে। এনে কৰিলে ভগৱান অসন্তুষ্ট হয়। গতিকে পূজা কৰাৰ সময়ত চুলি খুলি ৰাখিব লাগে।
পঢ়িবলৈ ক্লিক কৰক