TV9 ASSAM
প্ৰতিখন দেশতে অপৰাধীৰ বাবে কাৰাগাৰৰ ব্যৱস্থা আছে। যিকোনো গোচৰত দোষী সাব্যস্ত হোৱা অপৰাধীক শাস্তি অনুসৰি কাৰাগাৰত ৰখা হয়।
কিন্তু আপুনি জানেনে যে পৃথিৱীৰ এনে এখন দেশ আছে য’ত এখনো কাৰাগাৰো নাই? দেশখনত অপৰাধ হয় যদিও কাৰাগাৰ নাই।
এই দেশখনৰ নাম হৈছে ভেটিকান চিটি। অৰ্থাৎ ভেটিকান চিটি হৈছে এখনো কাৰাগাৰ নথকা বিশ্বৰ একমাত্ৰ দেশ।
ভেটিকান বিশ্বৰ আটাইতকৈ সৰু দেশ। চৰকাৰী হিচাপ অনুসৰি ভেটিকান চিটিত মাত্ৰ প্ৰায় এহেজাৰ মানুহ থাকে।
লক্ষণীয়ভাৱে অপৰাধৰ হাৰৰ তুলনাত ভেটিকান বহু দেশতকৈ আগবাঢ়ি আছে। ইয়াত অপৰাধৰ হাৰ যথেষ্ট বেছি।
ভেটিকান চিটিত জনমূৰি অপৰাধ অধিক। এই অপৰাধবোৰ সাধাৰণতে দেশখনলৈ ভ্ৰমণ কৰা পৰ্যটকৰ দ্বাৰা সংঘটিত হয়।
ভেটিকান চিটিত প্ৰি-ট্ৰায়েল ডিটেনচনৰ বাবে কিছুমান চেল আছে যদিও শাস্তিৰ কাৰণে এখনো কাৰাগাৰ নাই।
ভেটিকানত যেতিয়া কোনো দোষীক শাস্তি দিয়া হয়, তেতিয়া তেওঁক ইটালীৰ কাৰাগাৰত ৰখা হয়। এই বন্দীসকলৰ খৰচ ভেটিকান চিটিয়ে বহন কৰে।
পঢ়িবলৈ ক্লিক কৰক