TV9 ASSAM
বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছী। এসময়ত টিভিৰ ধাৰাবাহিকত কাম কৰা বিক্ৰমে বিগত সময়ত কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে।
শেহতীয়াকৈ বিক্ৰান্তৰ দ্যা সাবৰমতী ৰিপোৰ্ট নামৰ ছবিখন মুক্তি লাভ কৰিছিল।এই ছবিখনত বিক্ৰমে কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল। কিন্তু ইয়াৰ মাজতে অভিনয় জগতক বিদায় জনাই বিক্ৰান্তে।
বিক্ৰান্তে অভিনয় জগতৰ পৰা অৱসৰ ঘোষণা কৰি কয় যে, এই সময় ঘৰলৈ ঘূৰি যোৱাৰ। এই সময় তেওঁৰ স্বামী, পুত্ৰ, পিতৃৰ দায়িত্ব পালন কৰাৰ। শেষবাৰৰ বাবে ২০২৫ চনত তেওঁৰ ছবি মুক্তি লাভ কৰিব।
বিক্ৰান্ত মেছীয়ে প্ৰথমবাৰৰ বাবে মাত্ৰ ৮০০ টকা দৰমহা লাভ কৰিছিল। আৰু এতিয়া তেওঁ এখন ছবিৰ বাবে লাখ লাখ টকা লাভ কৰে।
বিক্ৰান্ত মেছীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০ ৰ পৰা ২৬ কোটি। তথ্য অনুসৰি বিজ্ঞাপনত অভিনয় কৰাৰ বাবদ বিক্ৰান্তে ৪০-৪৫ টকা লয় আৰু এখন ছবিৰ বাবে লাভ কৰে প্ৰায় ২ কোটি টকা।
বিক্ৰান্তে 12th fail, চেক্টৰ-৩৬ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে। বিগত সময়ত বিক্ৰান্তৰ অভিনয়ে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল।
বিক্ৰান্তৰ অৱসৰৰ সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক আবেগিক কৰি তুলিছে। একাংশই তেওঁক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে।
পঢ়িবলৈ ক্লিক কৰক