TV9 ASSAM
বলীউডৰ অভিনেতা বিক্ৰান্ত মেছীয়ে আজি সামাজিক মাধ্যমৰ এক পোষ্টৰ জৰিয়তে অভিনয় জীৱনৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে।
টেলিভিছন শ্ব’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল বিক্ৰান্তে। টেলিভিচনৰ পৰা বলীউডলৈ যাত্ৰা কৰিছিল অভিনেতাজনে।
মুক্তি লাভ নকৰা কাঁহা হু মেইৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা বিক্ৰান্তে ২০০৮ চনত ‘বালিকা বধু’ত অভিনয়ৰ সুযোগ পায়।
‘বালিকা বধু’ৰ পিছত বিক্ৰান্তে ‘আজব গজব ঘৰ জামাই’, ‘কুবুল হায়’, ‘বাবা আইছ’ ৱাৰ ধুন্দো’ আদি বহুতো ধাৰাবাহিকত কাম কৰিছিল।
ইয়াৰ পিছত বিক্ৰান্তক ২০১৩ চনত ৰণবীৰ সিং আৰু সোনাক্ষী সিনহাৰ সৈতে বিক্ৰমাদিত্য মটৱানীৰ ‘লুটেৰা’ ছবিত দেখা গৈছিল।
২০২০ চনত বিক্ৰান্তই দীপিকা পাডুকনৰ সৈতে 'চপাক' চিনেমাত অভিনয় কৰি ব্যাপক প্ৰশংসা লাভ কৰিছিল।
ইয়াৰ পিছতে তেওঁ ‘মিৰ্জাপুৰ’ ছিৰিজত অভিনয়েৰে সকলোকে চমকিত কৰি তোলে। লাভ কৰে উচ্চ প্ৰশংসা।
’১২ ফেইল’, ‘ছেক্টৰ ৩৬’, ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’, ‘হাছিনা দিলৰুবা’ আদি ছবিৰে দৰ্শকৰ মন জয় কৰিছিল বিক্ৰান্তই।
পঢ়িবলৈ ক্লিক কৰক
অভিনেতা বিক্ৰান্ত মেছীৰ মুঠ সম্পত্তিৰ পৰিমাণ