বিৰাট কোহলিৰা আয়ৰ উৎস কি? ক্ৰিকেটৰ বাহিৰে ক'ৰ পৰা আহে ধন?

5 Nov 2024

 TV9 Assam

আজি কিং কোহলিৰ জন্মদিন। ৩৬ বছৰত ভৰি দিলে বিৰাট কোহলিয়ে। ক্ৰিকেটৰ লগতে ব্যৱসায় ক্ষেত্ৰতো সফল বিৰাট কোহলি। তেওঁ বিভিন্ন উৎসৰ পৰা আয় কৰে।

আয়

তথ্য অনুসৰি জানিব পৰা মতে বিৰাট কোহলিৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০৫০ কোটি টকা। তেওঁৰ আয়ৰ বৃহৎ অংশ এটা ছচিয়েল মিডিয়া পোষ্ট আৰু বিজ্ঞাপনৰ পৰাও আহে।

মুঠ আয়

বিৰাট কোহলি বিচিচিআইৰ এ প্লাছ গ্ৰেডৰ অংশ হোৱা বাবে বছৰি ৭ কোটি টকা লাভ কৰে। তেওঁ আইপিএলত আৰ চি বিক প্ৰতিনিধিত্ব কৰা বাবে ১৫ কোটিকৈ লাভ কৰে।

ক্ৰিকেট

বিৰাটে বহু ব্ৰেণ্ডৰ বিজ্ঞাপন কৰে। ইযাৰ ভিতৰত গুগল ডুঅ, মোবাইল প্ৰিমিয়াৰ লীগ, নইজ, ব্লু ট্ৰাইব আদি অন্যতম। এই ব্ৰেণ্ডৰ বিজ্ঞাপনৰ পৰাও তেওঁ বহু আয় কৰে।

ব্ৰেণ্ড

অডি ইণ্ডিয়া, টু য়ম, মান্যবৰ, উবৰ ইণ্ডিয়া, ফিলিপছ ইণ্ডিয়াকে ধৰি প্ৰায় ২০ টা বেণ্ডৰ বিজ্ঞাপনৰ বাবে কোহলিয়ে বহু টকা লাভ কৰে। এটা বিজ্ঞাপনত তেওঁ ৭.৫ কোটিৰ পৰা ১০ কোটি পায়।

কোটি টকা

বিৰাটে লণ্ডনৰ ছচিয়েল মিডিয়া ষ্টাৰ্টআপ এটাৰো অংশীদাৰিত্ব ক্ৰয় কৰিছে। ইয়াৰোপৰি MPL,USPL আদিকে ধৰি বিভিন্ন দিশত নিবেশ কৰিছে।

ব্যৱসায়

সমগ্ৰ দেশত বিৰাট কোহলিৰ জিম, ফিটনেছ চেন্টাৰ আৰু ৰেষ্টুৰেন্ট আছে। এই সমূহ ব্যৱসায়ৰ পৰা যথেষ্ঠ ধন আহৰন কৰে কোহলিয়ে। পুমাৰ ৱান৮ ব্ৰেণ্ডতো তেওঁ নিবেশ কৰিছে।

জিম

বিৰাট কোহলিৰ মুম্বাইত এটা ডাঙৰ বাসগৃহ আছে। এই বাসগৃহৰ মূল্য প্ৰায় ৩৪ কোটি বুলি কোৱা হয়। গতিকে বিৰাট কোহলিৰা আয়ৰ উৎস কেৱল ক্ৰিকেটই নহয়।

ঘৰ

পঢ়িবলৈ ক্লিক কৰক 

কিয় ঘৰলৈ আনিব নালাগে কাশীৰ গংগা পানী