TV9 ASSAM
Kohli
আই পি এল ২০২৫ত দুৰন্ত ফৰ্মত দেখা গৈছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেৰুদণ্ড স্বৰূপ তাৰকা বিৰাট কোহলীক।
কোহলীয়ে এইপৰ্যন্ত ৯খন খেলত ৬৫ গড়ে ৩৯২ ৰান সংগ্ৰহ কৰি ছিজনত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।
শেহতীয়াকৈ কোহলীক যদি তেওঁ কোনো এজন কিংবদন্তি খেলুৱৈৰ সৈতে ৰে’লত যাত্ৰা কৰিবলগা হয়, তেওঁ কোন হ’ব বুলি এক সাক্ষাৎকাৰত সোধা হৈছিল।
এই প্ৰশ্নৰ উত্তৰত কোহলীয়ে শচীন তেণ্ডুলকাৰ, কপিল দেৱ বা সুনীল গাভাস্কাৰৰ দৰে কোনো ভাৰতীয় কিংবদন্তিৰ নাম লোৱা নাছিল।
ভাৰতীয় কোনো কিংবদন্তিৰ নাম লোৱাৰ পৰিৱৰ্তে কোহলীয়ে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি খেলুৱৈ ছাৰ ভিভ ৰিচাৰ্ডছৰ নাম লৈছিল।
কোহলীক লগতে ৰে’লত তেওঁ কি কৰিব বিচাৰিব বুলিও সোধা হৈছিল। তেতিয়া কোহলীয়ে ৰে’লত শুবলৈ আৰু কিতাপ পঢ়িব বিচাৰিব বুলি কয়।
প্ৰশ্নকৰ্তাই লগতে কোহলীক আৰচিবিৰ যদি নিজা ৰে’ল থাকে, ইয়াৰ নাম কি হ’ব বুলি সোধাত কোহলীয়ে উত্তৰত ‘বল্ড এক্সপ্ৰেছ’ বুলি মত দিয়ে।
পঢ়িবলৈ ক্লিক কৰক
পাৱাৰ প্লে’ত কোন দলে কোবাইছে কম ছয়!