২ জুন,২০২৪
ছালৰ যত্নৰ কথা ক'লে আমাৰ মনলৈ ভিটামিন ই বা চি ৰ কথা মনলৈ আহে। কিন্তু ছালৰ বাবে প্ৰয়োজনীয় ভিটামিট-এ।
ভিটামিন এৰ সুফল পোৱাৰ বাবে আমি আমাৰ ডাইট কিছু সলনি কৰিব লাগে।
ই দেহৰ ইমিউন চিষ্টেম শক্তিশালী কৰে। লগতে ছালৰ গঠন ভাল কৰি উজ্জ্বল কৰি তোলে। ছালত দেখা দিয়া দাগো কম হোৱাত সহায় কৰে।
সূৰ্যৰ ৰশ্মিৰ পৰা হ'বলগীয়া সমস্যা দূৰ কৰিব পাৰে। লগতে মুখ মণ্ডল অধিক আকৰ্যণীয় হৈ পৰে। দাগ নোহোৱা হয়।
ভিটামিন-এৰ উপকাৰিতা পাবলৈ গাখীৰৰ দ্বাৰা বনোৱা বস্তু খাব পাৰে। ইয়াৰ ভিতৰত দৈ, গাখীৰ, পনীৰ আদি।
ব্ৰকলী, গাজৰ আদি খালে ভিটামিন-এৰ উপকাৰিতা পোৱা যায়। ইয়াৰোপৰি চিমলা মিৰ্চ, বিলাহী আদিও খাব পাৰে।
ইয়াৰোপৰি বিভিন্ন ধৰণৰ শাক-পাচলি দেহৰ বাবে উপকাৰী। এনে সামগ্ৰীবোৰে চাল ভাল হোৱাতো যথেষ্ঠ সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক