TV9 ASSAM
ভিটামিন চি অভাৱত শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে । শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন চিৰ অতি প্ৰয়োজন ।
কি কি খাদ্যৰ জৰিয়তে ভিটামিন চিৰ অভাৱ পূৰণ কৰিব পাৰিব ?
আনাৰসত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। যিয়ে খাদ্য হজমত বহুখিনি সহায় কৰে। এই ফলটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে
পকা অমিতাত এন্টিঅক্সিডেন্ট, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই থাকে। পকা অমিতাৰ এই গুণে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে।
কিৱি উচ্চ আঁহযুক্ত ফল। কিৱিত থকা ভিটামিন চিয়ে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। ৰক্তচাপ কমোৱাতো সহায় কৰে।
মধুৰি এবিধ ফল, য’ত কেৱল ভিটামিন চি নহয়, খনিজ পদাৰ্থ, পটাছিয়াম আৰু অন্যান্য উপাদানও থাকে।
দৈনন্দিন খাদ্যত ষ্ট্ৰবেৰী সহজেই অন্তৰ্ভুক্ত কৰিব পাৰি। ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। যিয়ে তেজৰ চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক