3 Nov 2024
TV9 Assam
দেশত সলনি হৈছে বতৰ। আগন্তুক ২৪ ঘণ্টাত দেশৰ কেইবাখনো ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা সম্ভাৱনা।
মান্না উপসাগৰত আন এক ঘূৰ্ণি বতাহৰ উৎপত্তি । সমগ্ৰ দেশৰ লগতে অসমতো ঘূৰ্ণিবতাহৰ প্ৰভাৱ পৰিব বুলি প্ৰকাশ কৰিছে IMD-এ।
বিগত ২৪ ঘণ্টাত দক্ষিণ ভাৰত তামিলনাডুত এটা বা দুটা প্ৰান্তত প্ৰচণ্ড বৰষুণৰ লগতে সামান্যৰ পৰা মধ্যমীয়া বৰষুণ হোৱা দেখা গৈছে।
আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, তামিলনাডু, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, তেলেংগানা, ছিকিম আৰু পশ্চিম বংগত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱা দেখা গৈছে।
ওড়িশাৰ উপকূলীয় অঞ্চল আৰু কাংকন আৰু গোৱাৰ ভিন্ন অঞ্চলত বৰষুণৰ সম্ভাৱনা আছে। দিল্লী আৰু NCRত বায়ুৰ গুণাগুণৰ সূচকাংক অতি দুৰ্বলৰ পৰা তীব্ৰলৈ গতি কৰিছে।
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল, পশ্চিম বংগ, লাক্ষাদ্বীপ, কেৰালাত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
কিছুদিন পূৰ্বে ঘূৰ্ণিবতাহ ডানাই ধাৰণ কৰিছিল সংহাৰী ৰূপ। ওড়িশা, পশ্চিমবংগত ধ্বংসলীলা চলাইছিল ডানাই। অসমতো সামান্যভাৱে পৰিছিল ডানাৰ প্ৰভাৱ।