ওজন হ্ৰাস কৰাৰ বাবে এই কেইবিধ পানীয় অধিক উপকাৰী

22 Sep 2024

TV9 ASSAM

গ্ৰীণ টিত কেটেচিন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে আৰু হজম শক্তি উন্নত কৰে। গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক সহায় কৰিব পাৰে ।

গ্ৰীণ টি

নেমুৰ পানীয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। এই পানীয়ত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ছালখন উজ্জ্বল কৰে।

নেমুৰ পানী

নাৰিকলৰ পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। এই পানীয়ত ইলেক্ট্ৰলাইট থাকে । খালী পেটত নাৰিকলৰ পানী খালে ওজন কমাবলৈ সহজ হয়।

নাৰিকলৰ পানী

চিয়া চীডত আঁহ আৰু ওমেগা-৩ ফেটি এচিড বেছি থাকে। চিয়া চীড তিয়াই থোৱা পানী খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু ওজন হ্ৰাস পায় ।

চিয়া চীড তিয়াই থোৱা পানী

পদিনা, আদা আৰু দালচেনিৰে বনৌষধি চাহ বনাব পাৰি। এই চাহে পাচনতন্ত্ৰৰ সমস্যা, শাৰীৰিক প্ৰদাহ, তেজৰ শৰ্কৰা আদি দূৰ কৰাত সহায় কৰে। ই ওজন হ্ৰাস কৰাত সহায় কৰে ।

বনৌষধি চাহ 

তিয়ঁহ আৰু পদিনা পাত পানীৰ বটলত তিয়াই লওক। এই ডিটক্স পানীয়ে পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। এই পানীয়ই ওজন হ্ৰাস কৰে।

তিয়ঁহ আৰু পদিনা পাতৰ পানী

গ্ৰীণ টিৰ লগতে মাচা চাহ খাব পাৰে। মাচা চাহে ওজন কমাবলৈ সহায় কৰে। এই চাহত অধিক পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।

মাচা চাহ

পঢ়িবলৈ ক্লিক কৰক

তিতা কেৰেলাৰ উপকাৰিতা