খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, নাবাঢ়ে ওজন...

25 December, 2024 

TV9 ASSAM

আজিৰ সময়ত বহুতে মেদবহুলতাৰ সমস্যাত ভুগি আছে। ইয়াৰ ফলত আন ৰোগ হোৱাৰো সম্ভাৱনা আছে। গতিকে অত্যাধিক ওজন বৃদ্ধিত নিয়ন্ত্ৰণ ৰখা ভাল।

মেদবহুলতা

স্বাস্থ্যৱান হৈ থাকিবলৈ ওজন নিয়ন্ত্ৰণত ৰখা অতি প্ৰয়োজনীয়। ওজন বৃদ্ধিৰ ফলত মহিলাৰ থাইৰয়ড, পিচিঅডি আদিৰ সমস্যাই দেখা দিব পাৰে।

ওজন

বিশেষজ্ঞৰ মতে,ওজন নিয়ন্ত্ৰণ ৰাখিবলৈ খাদ্য গ্ৰহণৰ পাছত খোজ কঢ়া আৱশ্যক । বিশেষকৈ দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণৰ পাছত প্ৰতিদিনে খোজ কাঢ়িব লাগে।

খোজ কঢ়া

 খাদ্য গ্ৰহণ কৰাৰ পাছত সদায় ১৫ ৰ পৰা ২০ মিনিট সময় খোজ কাঢ়িব লাগে। এনে কৰিলে খাদ্য ভালদৰে হজম হয় আৰু দেহত প্ৰটিনৰ পৰিমাণ ভালে থাকে।

সময়

খাদ্য গ্ৰহণৰ পাছত খোজ কাঢ়িলে ওজন নিয়ন্ত্ৰণ কাৰ লগতে ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা কম হয়। আনকি ই ডায়বেটিছৰ পৰাও আপোনাক দূৰত ৰখাত সহায় কৰে।

লাভ

নিশা খাদ্য গ্ৰহণৰ পাছত খোজ কাঢ়িলে ভাল টোপনি আহে। ইয়াৰ ফলত আপুনি পুৱা সুস্থ অনুভৱ কৰিব আৰু দেহত ভাল শক্তি পাব। ইয়াৰ লগতে আপোনাৰ মানসিক স্বাস্থ্যও ভালে থাকিব।

টোপনি

খোজ কঢ়াৰ ফলত ওজন হ্ৰাস পোৱাৰ লগতে ভৰিৰ পেশীবোৰ মজবুত হয় আৰু বিষৰ পৰা উপশম পোৱা যায়। ইয়াৰোপৰি আপুনি সদায় পুৱা বা সন্ধিয়া খোজ কঢ়া অভ্যাস গঢ়ি তুলিব পাৰে।

শক্তিশালী

পঢ়িবলৈ ক্লিক কৰক 

স্বামী-স্ত্ৰীৰ মাজৰ সমস্যা দূৰ কৰক এনেকৈ