কি অভিশাপৰ বাবে হৈছিল কলিযুগৰ আৰম্ভণি

১৫ অক্টোবৰ,২০২৪

হিন্দু ধৰ্ম অনুসৰি যুগ ৪ টা। ইয়াৰে অন্তিম যুগটোক কালি যুগ বুলি কোৱা হয়। এয়া এনে এটা যুগ য'ত ধৰ্মৰ অভাৱ হয়, অধৰ্ম বাঢ়ে আৰু মানুহ স্বাৰ্থপৰ হয়।

কলিযুগ

মহাভাৰতৰ যুদ্ধ ধৰ্ম আৰু অধৰ্মৰ মাজত হোৱা যুদ্ধ বুলি ধৰা হয়। এই যুদ্ধত হোৱা হিংসা আৰু ধ্বংসই পৃথিৱীত পাপ বৃদ্ধি কৰিছিল। এই সময়চোৱাতে কলি যুগৰ আৰম্ভ হৈছিল।

মহাভাৰতৰ যুদ্ধ

পৌৰাণিক কথা অনুসৰি, মহাভাৰতৰ সময়ৰ এটা অভিশাপক কলি যুগৰ আৰম্ভণি বুলি কোৱা হয়। এই অভিশাপ ৰজা পৰীক্ষিতৰ কাৰণে দিছিল। পৰীক্ষিত অভিমুন্যৰ পুত্ৰ আৰু মহাভাৰত যুদ্ধৰ পাছত হস্তিনাপুৰৰ ৰজা আছিল।

অভিশাপ

ৰজা পৰীক্ষিত এদিন চিকাৰ কৰিবলৈ জংঘললৈ গৈছিল। তেতিয়া তেওঁৰ পিয়াহ লাগিছিল আৰু সেয়ে এজন ঋষিৰ আশ্ৰমলৈ গৈছিল। সেই সময়ত ঋষিয়ে ধ্যান কৰি আছিল।

ৰজা পৰীক্ষিত

পৰীক্ষিত কেইবাবাৰো তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল কিন্তু ধ্যানত থকা বাবে ঋষিয়ে উত্তৰ দিয়া নাছিল। তেতিয়া খং কৰি পৰীক্ষিতে মৃত সাপ এডাল ঋষিৰ ডিঙিত মেৰিয়াই দিয়ে।

ভুল

যেতিয়া ঋষি শামিকৰ পুত্ৰ শৃংগীয়ে এই ঘটনাৰ বিষয়ে জানে তেতিয়া তেওঁ ক্ষোভিত হৈ পৰীক্ষিতক অভিশাপ দিয়ে যে-  ৭ দিনৰ ভিতৰত তেওঁক তক্ষক নাগে কামোৰাৰ ফলত মৃত্যু হ'ব।  কোৱা হয় ৰজা পৰীক্ষিতৰ মৃত্যুৰ পাছতেই কলি যুগ আৰম্ভ হৈছিল।

অভিশাপ

অন্য কথা অনুসৰি, মহাভাৰতৰ যুদ্ধৰ সময়ত কেইবাজনো ঋষিক অপমান কৰা হৈছিল। এই ঋষিসকলে ক্ষোভিত হৈ পৃথিৱীত কলি যুগ অহাৰ অভিশাপ দিছিল।

ঋষিৰ অভিশাপ

পঢ়িবলৈ ক্লিক কৰক 

টকা-পইটাৰ সমস্যা ৰোধ কৰিবলৈ কৰক এই কাম