৯ অক্টোবৰ, ২০২৪
মহাভাৰতত কৰ্ণ এক মহান যোদ্ধা,দানবীৰ আৰু পৰাক্ৰমী আছিল। কিন্তু ইয়াৰ পাছতো গোটেই জীৱন কৰ্ণই কেৱল দুখ আৰু অপমান পাইছিল।
কৰ্ণৰ পিতৃ সূৰ্য আৰু মাতৃ কুন্তী আছিল। বিয়াৰ পূৰ্বে কুন্তীয়ে কৰ্ণক জন্ম দিছিল আৰু সমাজৰ ভয়ত তেওঁ কৰ্ণক ত্যাগ কৰিছিল। কৰ্ণ ৫ পাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ।
কৰ্ণৰ লালন-পালন এজন সাৰথীয়ে কৰিছিল। সেইবাবে কৰ্ণক সুত পুত্ৰ বা ক্ষুদ্ৰৰ পুত্ৰ বুলি কৈছিল। সূৰ্য আৰু কুন্তীৰ পুত্ৰ হোৱাৰ পাছতো তেওঁ বাৰে বাৰে অপমান পাইছিল।
মহাভাৰতত কৰ্ণই মৃত্যুৰ পূৰ্বে শ্ৰীকৃষ্ণৰ পৰা বৰদান অৰ্থাৎ আশীৰ্বাদ বিচাৰে। তেওঁ বিচাৰিছিল তেওঁৰ মৰ্যদা আৰু সন্মান বজাই ৰাখক যাতে সদায় তেওঁৰ নাম সন্মান সহকাৰে লোৱা হয়।
মৃত্যুৰ সময়ত কৰ্ণক শ্ৰীকৃষ্ণক বৰদান বিচাৰিব কৈছিল। কৰ্ণই বিচাৰিছিল তেওঁৰ এনে ঠাই শেষকৃত্য হওক য'ত পূৰ্বে কাৰো শেষকৃত্য হোৱা নাই।
কৰ্ণই বৰদান বিচাৰিছিল, যি মানুহে কেতিয়াও কোনো পাপ কৰা নাই সেই ব্যক্তিয়ে তেওঁৰ শেষকৃত্য কৰক। মান্যতা অনুসৰি কৰ্ণৰ ইচ্ছা অনুসৰি কৃষ্ণই নিজৰ বাওঁ হাতত চিতা সাজি কৰ্ণৰ শেষকৃত্য কৰিছিল।
লগতে কুন্তী পুত্ৰই কৈছিল যে তেওঁৰ অস্থি তেনে ঠাইত বিসৰ্জন দিব লাগে য'ত পূৰ্বে কাৰো অস্থি বিসৰ্জন দিয়া নাই।
পঢ়িবলৈ ক্লিক কৰক