কোনবোৰ বস্তু খালে বৃক্কত পাথৰ হয়? 

22 April 2025

TV9 ASSAM

বৃক্ক শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ আৰু ই তেজ ফিল্টাৰ কৰাৰ কাম কৰে। কিন্তু পাথৰ থকা ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন।

খাদ্য

বৃক্কত পাথৰ হ’লে নিমখৰ পৰিমাণ কমাই কম নিমখযুক্ত খাদ্য খাব লাগে।

নিমখ

বাৰ্গাৰ, পিজ্জা, চাউমিন আদি ফাষ্ট ফুডত ছডিয়ামৰ পৰিমাণ বেছি। ইয়াৰ বাবে বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা থাকে।

ফাষ্ট ফুড 

কণ্টেইনাৰত থকা সামগ্ৰী আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। লগতে ইয়াত অধিক পৰিমাণৰ নিমখ থাকে। ইয়াৰ বাবে বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা থাকে।

কণ্টেইনাৰৰ খাদ্য নাখাব

শীতল পানীয় আৰু কেফেইন সেৱন কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে। কিডনীত পাথৰ থাকিলে বেছিকৈ চাহ-কফি খাব নালাগে।

চাহ-কফি 

যদি আপোনাৰ কিডনীত পাথৰ হয় তেন্তে শীতল পানীয় খোৱা বন্ধ কৰক। শীতল পানীয়ত থকা ফচফৰিক এচিডে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

শীতল পানীয় 

আমিষ খাদ্যত প্ৰটিনৰ পৰিমাণ অতি বেছি। বৃক্কৰ পাথৰত আক্ৰান্ত ৰোগীয়ে প্ৰটিনসমৃদ্ধ খাব নালাগে।

প্ৰটিন সমৃদ্ধ খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

এইসকল লোকে নাখাব নেমুপানী!