TV9Assam
আহোমসকলে ৰংপুৰৰ পৰা ৰাজধানী তুলি চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল। য’ত ৰাজপৰিয়ালৰ লোকসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল।
চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ শব্দসমূহ চে-তাম-ডয় (চে-চহৰ, তাম-প্ৰাদদেশ, ডয়-পাহাৰ)ৰ পৰা হৈছে। এই শব্দসমূহৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে চৰাইদেউ মৈদামে। আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি আছে এই মৈদামে।
দেশৰ ৪৩ সংখ্যক ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম। মৈদামক ইজিপ্তৰ ফাৰাওসকলৰ পিৰামিড আৰু প্ৰাচীন চীনা ৰাজপৰিয়ালৰ সমাধিৰ সৈতে তুলনা কৰা হয়।
টাই জাতিৰ লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থয়। অসমৰ ভিন্ন প্ৰান্তত মৈদাম সমূহ দেখা যায় আৰু চৰাইদেউত আটাইটকৈ বেছি ঘনত্বত মৈদাম সমূহ আছে।
মৈদাম ক্ষেত্ৰ হিচাপে পৰিচিত মৈদাম ক্ষেত্ৰখন ৫৭৮ বিঘা ভূমিত ৪২ গৰাকী আহোম ৰজাৰ সমাধিস্থল আছে । ইয়াৰ উপৰিও চৰাইদেউ মৈদামৰ কাষত বিভিন্ন সৰু সৰু মৈদাম আছে ।
মৈদামৰ ভিতৰত মৃতদেহৰ সৈতে ব্যৱহাৰ কৰা মূল্যৱান সামগ্ৰীসমূহ, যেনে- চালপীৰা, হেংদাং, শৰাই, কটাৰী, সোণৰ গহনা, চূণৰ টেমী আদিও ৰখা হয়। এই বস্তুৰে মৃতদেহ আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয় যাক ‘চাও চালি’ বোলা হয়।
চাবলৈ ক্লিক কৰক