TV9 ASSAM
ব্ৰেইন টিউমাৰ এক গুৰুতৰ ৰোগ। ব্ৰেইন টিউমাৰ প্ৰায়ে পলমকৈ ধৰা পৰে। তেতিয়ালৈকে এই ৰোগ দুৰাৰোগ্য হৈ পৰে।
মগজুৰ টিউমাৰ হ’লে প্ৰথম অৱস্থাত কিছুমান লক্ষণ দেখা দিয়ে। কিন্তু এই লক্ষণসমূহ অতি মৃদু, যাৰ বাবে ৰোগীয়ে ইয়াক আওকাণ কৰে।
ব্ৰেইন টিউমাৰত আক্ৰান্ত প্ৰায়ভাগ লোকৰে প্ৰচণ্ড মূৰৰ বিষ হয়।
মুসঘনাই অচেতন হোৱাটো ব্ৰেইন টিউমাৰৰ লক্ষণ।
ব্ৰেইন টিউমাৰ ফলত মগজুত হোৱা ক্ষতিৰ বাবে কথা কোৱাত অসুবিধা পাব পাৰে। লগত কথা মনত ৰখাটো অসুবিধা হয়।
ব্ৰেইন টিউমাৰত আক্ৰান্ত প্ৰায়ভাগ লোকৰে ব্যক্তিত্বৰ পৰিৱৰ্তন ঘটে। যাৰ ফলত কথা কোৱাৰ ধৰণ সলনি, খং আদি সমস্যা হয়।
এই ৰোগীসকলে শৰীৰত দুৰ্বল অনুভৱ কৰে। খোজ কঢ়া আৰু কিছুমান কাম কৰাত অসুবিধা পায়। তেওঁলোকে যথেষ্ট ভাগৰুৱা অনভৱ কৰে।
চাবলৈ ক্লিক কৰক