হনুমান চালিছা পাঠ কৰিলে জীৱনৰ বহু সমস্যাৰ সমাধান হয়।

30 March 2025

TV9Assam

 হনুমান চালিছা পাঠ কৰাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। সেয়া কি কি জানো আহক।

নিয়ম

হনুমান চালিছা কেতিয়াও উচ্চস্বৰত পাঠ কৰা উচিত নহয়। সদায় মধ্যমীয়া সুৰত পাঠত কৰক আৰু উচ্চাৰণত যাতে কোনো ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। 

নিয়ম

হনুমান চালিছা দিনটোত ১, ৩, ৭, ৯ বা ১১ বাৰ পাঠ কৰাটো শুভ বুলি গণ্য কৰা হয়। ৭ বা ২১ দিন অবিৰতভাৱে হনুমান চালিছা পাঠ কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

নিয়ম

হনুমান চলিছা পুৱা বা গধূলি পাঠ কৰিব পাৰি। কিন্তু ৰাতিপুৱা ৪ বজাৰ পৰা ৫ বজাৰ ভিতৰত আৰু ৰাতি শোৱাৰ আগতে হনুমান চালিছা পাঠ কৰাটো অতি শুভ ।

নিয়ম

চালিছা পাঠৰ সময়ত ৰঙা ৰঙৰ কাপোৰ পিন্ধাটো অতি শুভ। ইয়াৰ পিছত বিশুদ্ধ ঘিউ বা তিল তেলৰ চাকি জ্বলাই চালিছা পাঠ আৰম্ভ কৰক।

নিয়ম

চালিছা পঢ়া সময়ত হনুমানক মনতে স্মৰণ কৰি থাকিব। পাঠ কৰাৰ সময়ত আপোনাৰ মুখখন পূব বা দক্ষিণ দিশত থাকিব লাগে।

নিয়ম

মঙলবাৰ আৰু শনিবাৰে ৭ বাৰ হনুমান চলিছা পাঠ কৰিলে বিশেষ ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। চালিছা খৰখেদাকৈ পাঠ কৰা উচিত নহয়, বৰঞ্চ প্ৰতিটো পদৰ অথ বুজি পাঠ কৰা উচিত।

নিয়ম

চাবলৈ ক্লিক কৰক 

ক্ৰেডিট কাৰ্ডৰ নিয়মৰ সলনি