অসমৰ কোনবোৰ অঞ্চলত সোণালী বান্দৰ পোৱা যায় ?

19 April 2025

TV9 ASSAM

Photos Credit: Getty Images

এই আপুৰুগীয়া সোণালী বান্দৰৰ এই প্ৰজাতিটো ভাৰতৰ ভিতৰত পশ্চিম অসম, ভূটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায় ৷

সোণালী বান্দৰ

এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক অসমৰ কোনবোৰ অঞ্চলত বিলুপ্তপ্ৰায় সোণালী বান্দৰ উপস্থিতি পোৱা যায় ।

সোণালী বান্দৰৰ উপস্থিতি

মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ সোণালী বান্দৰৰ বাবে আটাইতকৈ উল্লেখযোগ্য সংৰক্ষিত অঞ্চল। ইয়াৰ পৰিৱেশ এই প্ৰজাতিটোৰ বাবে অতি উপযোগী ।

মানস ৰাষ্ট্ৰীয় উদ্যান

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত উমানন্দ দ্বীপত সামান্য সংখ্যক সোণালী বান্দৰ দেখা যায় ।

উমানন্দ দ্বীপ

ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত চক্ৰশিলা হৈছে ভাৰতৰ দ্বিতীয়খন অভয়াৰণ্য, য'ত বিশেষভাৱে সোণালী বান্দৰৰ বাসস্থান হিচাপে চিহ্নিত কৰা হৈছে ।

চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য

বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ভালে সংখ্যক সোণালী বান্দৰৰ উপস্থিতি পোৱা যায় । এই অঞ্চলটোৱে দৰ্শনাৰ্থীৰ বাবে শান্তিপূৰ্ণ বন্যপ্ৰাণী দৰ্শনৰ সুবিধা প্ৰদান কৰে।

কাকৈজানা সংৰক্ষিত বনাঞ্চল

বংগাইগাঁৱৰ সমীপৰ নাককাটি পাহাৰ এটা ইক’ টুৰিজিম স্থান, য’ত গছৰ মাজেৰে সোণালী বান্দৰৰ উপস্থিতি দেখা পোৱা যায় ।

নাককাটি পাহাৰ

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ এই স্থানত নাৰাখিব ধন