TV9 ASSAM
যেনেকৈ বাৰাণসীক আধ্য়াত্মিক ৰাজধানী বুলি কোৱা হয়, তেনেকৈ দেশৰ এখন চহৰক চিকিৎসাৰ ৰাজধানী বুলি কোৱা হয় ।
আপুনি জানেনে এই চহৰখন কোনখন ৰাজ্যত আছে ? চহৰখনৰ নাম কি ? জানক
দক্ষিণৰ ৰাজ্য় তামিলনাডু ৰাজধানী চেন্নাইক চিকিৎসাৰ ৰাজধানী বুলি কোৱা হয় । ইয়াৰ বহু কাৰণ আছে ।
চেন্নাইত বিশ্বমানৰ চিকিৎসা সেৱা উপলব্ধ হোৱাৰ লগতে চিকিৎসা সেৱাৰ পেছাদাৰীসকলে বাস কৰে । সেয়েহে চেন্নাইক চিকিৎসাৰ ৰাজধানী বুলি কোৱা হয় ।
বিশেষকৈ হৃদৰোগৰ চিকিৎসা, অস্থিৰোগ, প্ৰজনন চিকিৎসাৰ বাবে চেন্নাই পৰিচিত ।
ভাৰতত চিকিৎসা আৰু সুবিধাৰ খৰচ কম হোৱাৰ বাবে চুবুৰীয়া দেশৰ বহু ৰোগী চিকিৎসাৰ বাবে আহে । ইয়াক চিকিৎসা পৰ্যটন বুলি কোৱা হয় ।
চেন্নাইৰ বহু সংখ্য়ক মাল্টি আৰু ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আধুনিক প্ৰযুক্তিৰে সজ্জিত ।
পঢ়িবলৈ ক্লিক কৰক