TV9 ASSAM
সমগ্ৰ বিশ্বত গো মাংস খোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আছে। সম্ভৱতঃ পৃথিৱীত এনে কোনো দেশ নাই য'ত গো মাংস নচলে। কিন্তু কিছুমান দেশ আছে য'ত সবাতোকৈ বেছি গো মাংস খায়।
সবাতোকৈ বেছি বিফ আৰ্জেন্টিনাত খায়। ৱাৰ্ল্ড পপুলেশ্যন ৰিভিউৰ এক প্ৰতিবেদন অনুসৰি এই দেশৰ নাগৰিকে বিশ্বৰ দেশসমূহৰ ভিতৰত সবাতোকৈ বেছি বিফ খায়।
ৱাৰ্ল্ড পপুলেশ্যন ৰিভিউৰ প্ৰতিবেদন অনুসৰি, আৰ্জেন্টিনাত এজনলোকে প্ৰতিবছৰে কমেও ৪৭ কিলো গো মাংস ভক্ষণ কৰে। এনে পৰিস্থিতিত গো মাংস ভক্ষণ কৰাৰ ক্ষেত্ৰত আৰ্জেন্টিনা সবাতোকৈ আগত আছে।
প্ৰতিবেদন অনুসৰি সবাতোকৈ বেছি গো মাংস আৰ্জেন্টিনাত খায়। কিন্তু বিশ্বৰ সবাতোকৈ বেছি বিফ বা গো মাংস আমেৰিকাত সৰবৰাহ হয়।
বিফ বা গো মাংস সৰবৰাহৰ ক্ষেত্ৰত ভাৰতো পিছ পৰি ৰোৱা নাই। তথ্য অনুসৰি জানিব পৰা মতে, বিশ্বৰ ৭০ খন দেশক ভাৰতে ৰপ্তানি কৰে। গতিকে ভাৰতো পিছত নহয়।
উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যত গো মাংসৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আছে। ইয়াৰোপৰি গো সৰবৰাহৰ ক্ষেত্ৰতো বিভিন্ন আইন আছে। তাৰ পাছতো বিফ ৰপ্তানি কৰাত ভাৰত অন্যতম।
সাধাৰণতে বিফ বুলি কলে গো মাংসক বুজা যায়। কিন্তু বিফত গাই গৰু, বলধ গৰু, ম'হ আদি সকলোকে বুজা যায়।
পঢ়িবলৈ ক্লিক কৰক