১৯ জুন, ২০২৪
পিৰামিডৰ কথা ক'লে বিশেষকৈ ইজিপ্তৰ কথা মনলৈ আহে। কিয়নো এই দেশখন পিৰামিডৰ বাবে জনাজাত।
ইজিপ্ত পিৰামিডৰ বাবে বিখ্যাত হ'লেও এই দেশখনত সবাতোকৈ বেছি পিৰামিড নাই। অন্য এখন দেশতহে আছে।
বিশ্বৰ সবাতোকৈ বেছি পিৰামিড আছে আফ্ৰিকান দেশ চুডানত। নীল নদীৰ কাষত অৱস্থিত ই এক ঐতিহাসিক স্থান।
কোৱা হয় যে আফ্ৰিকাৰ এই দেশখনত ২০০ৰ পৰা ২৫০ টা মান ন্যুবিয়ন মেৰো পিৰামিড আছে । এই সমূহ কুশ সম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা হৈছিল। অৱশ্যে এই পিৰামিডসমূহ সৰু।
ইজিপ্ততকৈ চুডানত ১৩৮টা পিৰামিড বেছি আছে। ইজিপ্তৰ পিৰামিড চূণশিলৰে নিৰ্মাণ কৰাৰ বিপৰীতে চুডানৰ পিৰামিড চেন্ডষ্টোন, মাটিৰ ইটাৰ দ্বাৰা নিৰ্মিত।
চুডানৰ পিৰামিডসমূহে ইজিপ্তৰ পিৰামিডৰ দৰে বিখ্যাত নহয়। আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত ই জনাজাত নহ'লেও লাহে লাহে ই পৰ্যটকৰ মাজত চৰ্চা লাভ কৰিব আৰম্ভ কৰিছে।
পঢ়িবলৈ ক্লিক কৰক