বইল বুট নে ভজা বুট! কোনবিধ অধিক উপকাৰী

১৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

বুট প্ৰটিনৰ এক উৎকৃষ্ট উৎস বুলি কোৱা হয়। সেয়েহে পেশী বৃদ্ধি আৰু ওজন হ্ৰাসৰ বাবে বুট এক উত্তম খাদ্য।

প্ৰটিনৰ উৎস

লগতে ফাইবাৰ, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, জিংক, কপাৰ, মেংগানিজ, ভিটামিন চি, বি ১, বি ২, বি ৩, বি ৫, বি ৬, আৰু বি ৯ও বুটত পোৱা যায়।

পুষ্টিৰ আধাৰ

সাধাৰণতে বুট কেঁচাই খোৱাৰ লগতে সিজাই বইল কৰি আৰু ভাজিও খাব পাৰি। পিছে কিদৰে খালে বেছি ফল পোৱা যায়, বহুতেই হয়তো নাজানে।

ডায়েটত বুট

বইল বুটতকৈ ভজা বুট অধিক উপকাৰী বুলি গণ্য কৰা হয়, কিয়নো পানীত সিজাই থাকিলে সাধাৰণতে খাদ্যৰ পুষ্টি কমি যায়।

ভজা নে বইল

ভজা বুট দিনৰ ভাগত স্বাস্থ্যকৰ জলপান হ’ব পাৰে। ইয়াত পুষ্টিকৰ উপাদান অধিক আৰু কেলৰি কম থাকে। সেয়ে ই শক্তি বজাই ৰখাত সহায় কৰে।

শক্তিৰ আধাৰ

অৱশ্যে ভজা বুটে অধিক মাত্ৰাত পানী শোষণ কৰিব পাৰে আৰু সেয়ে বেছি ভজা বুট খালে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

ভজা বুটৰ অসুবিধা

আনহাতে পুৱা ব্ৰেকফাষ্টত বইল বুট খালে অধিক ফলপ্ৰসূ হয়, কিয়নো ই সহজে হজম হয় আৰু পেটো গধুৰ যেন অনুভৱ নহয়।

বইল বুট

পঢ়িবলৈ ক্লিক কৰক

ডায়েবেটিছত খালী পেটত নাখাব এনে ড্ৰাই ফ্ৰুট্ছ