কোনখন ধৰ্মগ্ৰন্থ লৈ  সুনীতা মহাকাশলৈ গৈছিল

18 March 2025

TV9 ASSAM

৯ মাহ মহাকাশত থকাৰ পাছত পৃথিৱীত উপস্থিত হ'ল সুনীতা উইলিয়ামছ। ৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা ২ মহাকাশচাৰী ৯ মাহৰ বাবে আৱদ্ধ হৈ পৰিছিল।

সুনীতা উইলিয়ামছ

এয়াই প্ৰথম নহয়, সুনীতাই ইয়াৰ পূৰ্বেও মহাকাশলৈ গৈছিল।  মহাকাশ যাত্ৰাৰ সময়ত ৯ বাৰত ৬২ ঘন্টা ৬ মিনিট স্পেচ ৱাক কৰিছিল সুনীতাই।

মহাকাশত খোজ

সুনীতি উইলিয়ামছৰ পিতৃ হিন্দু আৰু মাতৃ কেথলিক। ইয়াৰ পাছতো সুনীতাই প্ৰতিটো ধৰ্মৰে সন্মান কৰে । ভাৰতীয় মূলৰ সুনীতা বিশ্ববাসীৰ বাবে গৌৰৱ।

পিতৃ-মাতৃ

সুনীতা উইলিয়ামছৰ পিতৃ দীপক পাণ্ডিয়াই শ্ৰীমদ্ভগৱতগীতা  সন্দৰ্ভত আলোচনা কৰিছিল। তেওঁ কৈছিল যে তেওঁ নিজৰ সন্তানত ৰামায়ন আৰু মহাভাৰতৰ কাহিনী শুনাইছিল।

পিতৃয়ে কি কৈছিল

ইয়াৰ পূৰ্বে মহাকাশৰ পৰা উভতি অহাৰ পাছত এবাৰ সুনীতাই কৈছিল যে মহাকাশত অধ্যয়ন কৰিবলৈ তেওঁ শ্ৰীমদ্ভগৱতগীতা  আৰু উপনিষদ লৈ গৈছিল।

ধৰ্মীয় গ্ৰন্থ

কিছুদিন পূৰ্বে সুনীতাৰ সম্পৰ্কীয় ভগ্নী ফাল্গুনি পাণ্ডিয়াই কৈছিল যে সুনীতাই এইবাৰ লগত ভগৱান গনেশৰ মূৰ্তি লৈ গৈছিল। সুনীতাই ইয়াৰ ফটো প্ৰেৰণ কৰিছে।

এইবাৰ কি নিছে

ভগ্নীয়ে কোৱা অনুসৰি এইবাৰ সুনীতাই তেওঁলৈ কুম্ভ মেলাৰ ফটোও প্ৰেৰণ কৰিছিল।

কুম্ভ মেলা

পঢ়িবলৈ ক্লিক কৰক 

৬৫০ গৰাকী সৈতে সম্পৰ্ক স্থাপন কৰা খেলুৱৈ