TV9 ASSAM
আই পি এল ২০২৫ত এইপৰ্যন্ত দেখা গৈছে ছিক্সাৰৰ বৰষুণ। মুঠ ৮৬ খন খেলত সৰ্বমুঠ ৭১৭টা ছয় কোবাইছে খেলুৱৈসকলে।
চলিত ছিজনত হতাশাজনক প্ৰদৰ্শনেৰে নৱম স্থানত আছে ৰাজস্থান ৰয়েলছ। কিন্তু পাৱাৰ প্লে’ত সৰ্বাধিক ৩৭টা ছয়েৰে শীৰ্ষত আছে দলটো।
এইক্ষেত্ৰত ২৯টা ছয়েৰে দ্বিতীয় স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছ ২৬টা ছয়েৰে তৃতীয় স্থানত আছে।
পইণ্ট তালিকাৰ লগতে পাৱাৰ প্লে’ত ছয় কোবোৱাৰ ক্ষেত্ৰতো চেন্নাই ছুপাৰ কিংছ অন্তিম স্থানত আছে। দলটোৱে পাৱাৰ প্লে’ত মাত্ৰ ৫টা ছয় কোবাইছে।
বিস্ফোৰক শৈলীৰ বাবে পৰিচিত ছানৰাইজাৰ্ছ হায়দৰাবাদে চলিত ছিজনত হতাশাজনক প্ৰদৰ্শনেৰে পাৱাৰ প্লে’ত মাত্ৰ ১২টা ছয়হে কোবাইছে।
ব্যক্তিগতভাৱে যশস্বী জয়ছোৱালে ১৫টা ছয় কোবাই এইক্ষেত্ৰত শীৰ্ষত আছে। ১৩টা ছয়েৰে দ্বিতীয়ত আছে পঞ্জাৱ কিংছৰ প্ৰিয়াংশ আৰ্য।
পঢ়িবলৈ ক্লিক কৰক
তৰমুজৰ গুটিৰ উপকাৰিতা জানেনে?