মৃত্যুৰ সময়ত শ্ৰীকৃষ্ণৰ পৰা কৰ্ণই বিচাৰিছিল তিনিটা বৰ

৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

মহাভাৰতৰ এক বিশেষ চৰিত্ৰ আছিল কৰ্ণ। কেৱল এজন সাহসী যোদ্ধা হিচাপেই নহয়, দানশীল গুণৰ বাবেও কৰ্ণৰ আছে বিশেষ পৰিচয়।

দাতা কৰ্ণ

আখ্যান মতে, মহাভাৰতৰ যুদ্ধক্ষেত্ৰত কৰ্ণৰ মৃত্যুৰ আগমুহূৰ্তত অৰ্জুনৰ অনুৰোধত ভগৱান শ্ৰীকৃষ্ণ ছদ্মবেশ ধৰি কৰ্ণৰ ওচৰত উপস্থিত হৈছিল।

কৰ্ণৰ মৃত্যু

ব্ৰাহ্মণ বেশধাৰী শ্ৰীকৃষ্ণক দেখি কৰ্ণই তেওঁক সেই স্থানলৈ অহাৰ কাৰণ সোধাত ব্ৰাহ্মণে ক’লে যে তেওঁ কৰ্ণৰ পৰা কিছু দান বিচাৰি আহিছে।

কৰ্ণৰ শেষ দান

কিন্তু তেনে অৱস্থাত কৰ্ণই কি দিব পাৰিব বুলি ব্ৰাহ্মণ ৰূপী কৃষ্ণই কোৱা কথা শুনি কৰ্ণই কাষতে পৰি থকা শিল এটাৰে সোণৰ দাঁতটো ভাঙি দান কৰে।

দাঁত দান

শেষ মুহূৰ্তত কৰ্ণই দিয়া দান দেখি শ্ৰীকৃষ্ণই সন্তুষ্ট হৈ নিজৰ প্ৰকৃত ৰূপ লৈ কৰ্ণক ইচ্ছা অনুসাৰে বৰ বিচাৰিবলৈ আহ্বান জনায়।

সন্তুষ্ট শ্ৰীকৃষ্ণ

সুত পুত্ৰ হোৱাৰ বাবে তেওঁৰ লগত হোৱা অন্যায়ৰ কথা সুঁৱৰি কৰ্ণই প্ৰথম বৰ হিচাপে পৰৱৰ্তী জন্মত নিজৰ শ্ৰেণীৰ লোকসকলৰ কল্যাণ বিচাৰে।

কৰ্ণৰ বৰ প্ৰাৰ্থনা

কৰ্ণই শ্ৰীকৃষ্ণৰ পৰা আৰু এটা বৰ বিচাৰি ক'লে যে শ্ৰীকৃষ্ণই তেওঁৰ পৰৱৰ্তী জন্ম কেৱল কৰ্ণৰ ৰাজ্যতহে ল'ব লাগে।

দ্বিতীয় বৰ

কৰ্ণই তৃতীয় বৰ বিচাৰিছিল যে তেওঁৰ অন্ত্যেষ্টিক্রিয়া জীৱনত কোনো পাপ নকৰা ব্যক্তিয়ে কৰিব লাগে। সেয়ে শ্ৰীকৃষ্ণই নিজেই কৰ্ণৰ অন্ত্যেষ্টিক্রিয়া কৰে।

তৃতীয় আশীৰ্বাদ

পঢ়িবলৈ ক্লিক কৰক

উপবাসৰ সময়ত কিয় নাখায় পিঁয়াজ-নহৰু?