TV9 ASSAM
গাখীৰ শৰীৰৰ বাবে অতি ভাল। সৰুৰ পৰা বৃদ্ধলৈ প্ৰায় সকলোৰে বাবে গাখীৰ উপকাৰী। কিয়নো গাখীৰ পুষ্টিকৰ উপাদানেৰে ভৰপুৰ। সেয়ে শৰীৰক সুস্থ কৰিবলৈও বহুতে গাখীৰ খায়।
গাখীৰ খাই শুলে মানুহৰ মানসিক চাপ কম হয় বুলি কোৱা হয়। গাখীৰ খালে টোপনি ভাল হয়। গাখীৰত কেলছিয়াম, মেগনেছিয়ামকে ধৰি বহু পুষ্টিকৰ উপাদান থাকে। যি মাংসপেশী, হাড় আদিৰ লগতে বিভিন্ন কাৰণত ভাল।
সকলো বয়সৰ লোকে গাখীৰ খাব পাৰে। কিন্তু কিছুমান মানুহে প্ৰতিদিনে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষজ্ঞই এই সন্দৰ্ভত বিশেষ কাৰণ উল্লেখ কৰিছে।
যিসকল লোকৰ লেক্টজ ইন্টালৰেন্সৰ পৰা সমস্যা আছে সেই সকলে গাখীৰ খাব নালাগে। ইয়াৰ সলনি বাদাম মিল্ক, চোয়া মিল্ক আদি খাব পাৰে।
যিসকল লোকৰ ফেটী লিভাৰ বা যকৃতৰ লগত জড়িত অন্য সমস্যা আছে সেই সকললোকে প্ৰতিদিনে গাখীৰ খাব নালাগে। অৱশ্যে মাজে মাজে কম পৰিমাণে খাব পাৰে।
যিসকল লোকৰ বমি ভাৱ, ডায়েৰিয়া, হজম শক্তিৰ সমস্যা আদি থাকে তেনে লোকসকলে প্ৰতিদিনে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে।
ইয়াৰোপৰি শালমইনা, অইলী স্কীন আদিৰ সমস্যা থকা লোকসকলে প্ৰতিদিনে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। এইসকল লোকৰ বাবে গাখীৰ বেয়া।
গাখীৰে শৰীৰৰ পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ কৰে। গতিকে গাখীৰ নাখালেও পুষ্টিকৰ উপাদান থকা অন্য খাদ্য খাব পাৰে। ইয়াৰোপৰি কোনো ৰোগৰ সমস্যা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক