TV9 ASSAM
আচাৰ বহুতৰ প্ৰিয়। সেয়া লাগিলে আমৰ হওক, কৰ্দৈ, জলকীয়া, বগৰী বা আন কিবা। ভাত বা ৰুটীৰ লগত আচাৰ খাই বহুতে ভাল পায়।
বহু মানুহৰ কফি প্ৰিয়। ঠাণ্ডা হওক বা গৰম, একাংশই সকলো সময়তে কফি খোৱা পচন্দ কৰে। কিছুমানৰ একাপ কফি খোৱাৰ পাছতহে দিনৰ আৰম্ভণি হয়।
কিছুমানক পৰাঠাৰ লগত টেঙা আচাৰ বা ভাতৰ লগত আমৰ আচাৰ হ'লে আৰু যেন একোৱেই নালাগে। কিন্তু আপুনি জানেনে আচাৰে শৰীৰৰ ক্ষতি কৰিবও পাৰে?
নিউট্ৰিয়নিষ্ট নমামী আগৰৱালে কয় যে, আমৰ আচাৰে খাদ্যৰ খোৱাদ দুগুণ কৰে। কিন্তু কিছুমান ৰোগীয়ে এই আমৰ আচাৰ খোৱা ভাল নহয়। ইয়াৰ ফলত বেয়া প্ৰভাৱ পৰে।
বিশেষজ্ঞ নমামীয়ে কয় যে যিসকল লোকৰ হজম, গেছ, বিষ আৰু বুকুত জ্বলা পুৰা ভাৱৰ সমস্যা থাকে সেইসকল লোকে আমৰ আচাৰ খাব নালাগে।
সাধাৰণ আচাৰ বা আমৰ আচাৰত সাধাৰণতে নিমখ, তেল, মচালা আদি বেছি থাকে। গতিকে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকাসকলে আমৰ আচাৰ খাব নালাগে।
বেছি আচাৰ খালে হজম শক্তিৰ সমস্যা হয় আৰু ইউৰিক এচিডৰ সমস্যা বৃদ্ধি হয়। গতিকে এনে সমস্যাত ভুগি থকা লোকসকলে আচাৰ বেছি খাব নালাগে।
আচাৰত তেলৰ মাত্ৰা অধিক থাকে আৰু ইয়াক বহুত দিন ধৰি সংৰক্ষণ কৰি ৰখা হয়। গতিকে যিসকলৰ কলেষ্ট্ৰয়েলৰ সমস্যা আছে সেইসকলে আচাৰ খাব নালাগে।
পঢ়িবলৈ ক্লিক কৰক