TV9 ASSAM
বিশ্বৰ সকলো ঠাইতে ২৫ ডিচেম্বৰত পালন কৰা হয় বৰদিন । কিন্তু এই পৃথিৱীৰে এখন গাঁও আছে য'ত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন ।
প্ৰতিবছৰে এই গাঁওখনত ফেব্ৰুৱাৰী মাহত পালন কৰা হয় বৰদিন । ২৫ ডিচেম্বৰৰ বিপৰীতে ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন ।
কলম্বিয়াৰ কুইনামায়ো গাঁৱত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন । ইয়াৰ কাৰণ কি জানেনে ? বহু কাৰণ আছে ফেব্ৰুৱাৰী মাহত বৰদিন উদযাপন কৰাৰ ।
কোৱা হয় যে,এই গাঁওখনত দাসত্ব প্ৰথা প্ৰচলন থকাৰ বাবে ২৫ ডিচেম্বৰত লোকসকলক বৰদিন উদযাপন কৰিবলৈ দিয়া হোৱা নাছিল ।
গাঁওখনৰ লোকসকলক ফেব্ৰুৱাৰীত বৰদিন উদযাপনৰ তাৰিখ বাছি ল'বলৈ কোৱা হৈছিল । তেতিয়া তেওঁলোকে ১৮ ফেব্ৰুৱাৰী তাৰিখটো বাছি লৈছিল ।
গাঁওখনত প্ৰচলিত বিশ্বাস অনুসৰি, এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পাছত ৪৫ দিন উপবাসে থাকিব লাগে । সেয়েহে ডিচেম্বৰৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন ।
এই গাঁওখনত কৃষ্ণাংগ শিশু যীশুখ্ৰীষ্টক সেৱা কৰা হয় । এই পৰম্পৰা অনুসৰি ১৮ ফেব্ৰুৱাৰী তাৰিখে এই গাঁওখনত অতি আনন্দৰে উদযাপন কৰা হয় বৰদিন ।
পঢ়িবলৈ ক্লিক কৰক