সন্ধিয়া বা ৰাতি আম খালে কি কি শাৰীৰিক সমস্যাৰ সৃষ্টি হয় ?

26 April 2025

TV9 ASSAM

Photos Credit: Getty Images

গ্ৰীষ্মকালত বজাৰ ভৰি পৰে আমে । আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে । লগতে আঁহ, এন্টিঅক্সিডেন্ট, আৰু প্ৰাকৃতিক চুগাৰ থাকে।

শক্তিৰ উৎস

আম কেৱল খাবলৈ ভাল লগাই নহয়, ই স্বাস্থ্যৰ বাবেও উপকাৰী। অৱশ্যে আম খোৱাৰ বিশেষ নিয়ম আছে! যদি অনুসৰণ নকৰে তেন্তে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ।

স্বাস্থ্যৰ উপকাৰী

প্ৰায় সংখ্যক লোকে ৰাতিপুৱা বা দুপৰীয়া আম খায় । কিন্তু বহু লোকে ৰাতিৰ আহাৰত আম খায়।

ৰাতিৰ আহাৰত আম

চিকিৎসকৰ মতে, ৰাতিপুৱা বা দুপৰীয়া আম খাব পাৰে । কিন্তু সূৰ্যাস্তৰ পিছত অৰ্থাৎ সন্ধিয়া বা ৰাতি আম খাব নালাগে। ইয়াৰ ফলত গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

চিকিৎসকে কি কয় ?

ৰাতি খাদ্য হজম প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। সেইবাবেই আমৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল খাব নালাগে। ইয়াৰ ফলত বদহজম, গেছ, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

হজম প্ৰক্ৰিয়া

ৰাতি আম খোৱাৰ ফলত ওজন বৃদ্ধি পাব পাৰে। কাৰণ আমত কেলৰি আৰু চুগাৰৰ পৰিমাণ বেছি। ৰাতি ভালদৰে হজম নকৰিলে ওজন বাঢ়িব পাৰে।

ওজন বাঢ়িব পাৰে

আম খালে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়। গতিকে ৰাতি আম খোৱাৰ ফলত অনিদ্ৰাৰ সমস্যা বৃদ্ধি পাব পাৰে।

অনিদ্ৰাৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক

অসমৰ কিমান শতাংশ মহিলাই মদ খায় ?