বনাৰসৰ গংগা পানী কিয় ঘৰলৈ আনিব নালাগে?

4 Nov 2024

 TV9 Assam

গংগাৰ পাৰস্থিত কাশীক বনাৰস বা কাশীক ভগৱান শিৱৰ নগৰ বুলি কোৱা হয়। বনাৰসক মোক্ষ অথবা মুক্তিৰ দুৱাৰ বুলিও কোৱা হয়।

মুক্তি দুৱাৰ

ধাৰ্মিক মান্যতা অনুসৰি কাশীত প্ৰাণ ত্যাগ কৰিলে ব্যক্তিয়ে জীৱন- মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰে। যাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তই প্ৰতিদিনে মণিকৰ্ণিকা ঘাটক মৃতদেহৰ শেষকৃত্যৰ বাবে আহে।

জন্ম- মৃত্যুৰ চক্ৰ

 কিন্তু শিৱৰ নগৰী কাশীৰ পৰা গংগা জল অনা অশুভ বুলি ধৰা হয়। কিয় কাশীৰ পৰা গংগা জল আনিব নালাগে তাৰ আঁৰত আছে বিশেষ কাৰণ।

গংগা পানী

বনাৰসৰ গংগাৰ পাৰত মৃতদেহৰ অন্তোষ্টিক্ৰিয়া কৰা হয়।  মৃতদেহ দাহন কৰাৰ পাছত অৱশিষ্ট সকলো গংগাত বিসৰ্জন দিয়া হয়। যাৰ বাবে ইয়াৰ পানী আনিব নালাগে।

শেষকৃত্য

যদি এনে পৰিস্থিতিত কাশীৰ পৰা গংগা জল ঘৰলৈ আনে তেন্তে সেই পানীত মৃতকৰ আত্মাৰ অংশ, ছাই, অৱিশিষ্ট আহিব পাৰে। যাৰ বাবে গংগা পানী আনিব নালাগে।

মৃতকৰ অৱশিষ্ট

মৃতকৰ অৱশিষ্ট থকা গংগা জল ঘৰলৈ আনিলে সেই মৃতকৰ মৃত্যু আৰু পুনৰ জন্মৰ চক্ৰত বাধা আহি পৰে। যাৰ বাবে সেই আত্মাটোৱে সম্পূৰ্ণ মুক্তি লাভ নকৰে।

মুক্তি লাভ নকৰে

এনে পৰিস্থিতি কাশীৰ পৰা পানী আনি মৃতকক মুক্তিৰ পৰা বঞ্চিত কৰিলে পাপ বুলি ধৰা হয়। যাৰ বাবে কাশীৰ পৰা গংগা জল ঘৰলৈ আনিব নালাগে।

পাপ

পঢ়িবলৈ ক্লিক কৰক 

কৃষ্ণই কিয় পুত্ৰক অভিশাপ দিছিল