সপোন কিয় মনত নাথাকে?

14 July 2024

 TV9 Assam

শুই থাকোঁতে আমি প্ৰায়ে সপোন দেখো । কিন্তু সপোনৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাথাকে।

সপোন

নিয়ন্ত্ৰণ নথকা বাবে আমি ভাল আৰু বেয়া দুয়োটা সপোনে দেখো। কিন্তু বেছিভাগ মানুহে সপোন মনত ৰাখিব নোৱাৰে।

ভাল আৰু বেয়া  সপোন

সপোনবোৰ সাধাৰণতে টোপনিৰ এক নিৰ্দিষ্ট পৰ্যায়ত  ৰেপিড আই মুভমেণ্ট  (REM) সময়ত আহে। এই পৰ্যায়ত  আমাৰ হৃদস্পন্দন দ্ৰুতগতিত চলে।

ৰেপিড আই মুভমেণ্ট (REM)

সেই সময়ছোৱাত মগজুৰ মনত ৰাখিব পৰা অংশটো সক্ৰিয় হৈ নাথাকে। সেইকাৰণে বেছিভাগ সপোনে আমাৰ মনত নাথাকে। 

মগজু সক্ৰিয় হৈ  নাথাকে

আমাৰ মগজুত স্মৃতিৰ সৈতে সম্পৰ্কিত এটা ৰাসায়নিক পদাৰ্থ হৈছে নৰেপিনেফ্ৰাইন। ই মগজুৰ সকলো কাৰ্যকলাপ মনত ৰখাত সহায় কৰে।

নৰেপিনেফ্ৰাইন (Norepinephrine)

সপোন দেখাৰ সময়ত  ন'ৰেপিনেফ্ৰাইন নিম্নতম স্তৰত সক্ৰিয় হৈ থাকে। সেইকাৰণে আমি সাৰ পোৱাৰ পাছত বেছিভাগ সপোন মনত নাথাকে

এইকাৰণে সপোন মনত নাখাকে

হাৰ্ভাৰ্ড মেডিকেল স্কুল অৱ আমেৰিকাৰ ৰবাৰ্ট ষ্টিকগোল্ডৰ মতে, যিসকল লোকে সাৰ পোৱাৰ পাছতো চকু বন্ধ ৰাখে, তেওঁলোকে সপোন পাহৰি যোৱাৰ সম্ভাৱনা খুব কম।

সপোনবোৰ কেনেদৰে মনত ৰাখিব?

 বৰষুণৰ বতৰত সুস্থ হৈ থকাৰ উপায়

চাবলৈ ক্লিক কৰক