2 Nov 2024
TV9 Assam
আগ্ৰাৰ পেথা(কোমোৰাৰ মিঠাই) যথেষ্ট বিখ্যাত। কিন্তু ইয়াৰ পৰা বনোৱা মিঠাই যিমানে সুস্বাদু, স্বাস্থ্যৰ বাবে কোমোৰাৰ পাচলিও সিমানে উপযোগী।
ইয়াত ভিটামিন এ, বি6, চি আৰু ই, মেগনেছিয়াম, ফছফৰাছ, আইৰন, ফোলেট, নিয়াচিন আৰু থায়ামিনৰ দৰে বহুতো পুষ্টি থাকে
পুষ্টিবিদ নমামি আগৰৱালে কৈছে, কোমোৰাই স্বাস্থ্যক বিভিন্ন ধৰণেৰে উপকাৰ কৰে
কোমোৰাত পৰ্যাপ্ত পৰিমাণৰ ফাইটোষ্ট'ৰল পোৱা যায়। ফাইটোষ্ট'ৰলে শৰীৰত বেয়া কলেষ্ট'ৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে
ইয়াত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে। ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত ওজন হ্ৰাস হয়।
কোমোৰাত এল-ট্ৰিপ্টোফেন সমৃদ্ধ। ই এক অত্যাৱশ্যকীয় এমিনো এচিড। যিয়ে চাপ নিয়ন্ত্ৰণত ৰাখে।
কোমোৰাত ভাল পৰিমাণৰ লুটিন আৰু জেক্সান্থিন থাকে। এই দুয়োটা উপাদানে আমাৰ চকু ভালে ৰখাত সহায় কৰে।