TV9 ASSAM
অষ্ট্ৰেলিয়া-ভাৰতৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় মহিলা তাৰকা বেটছমেন স্মৃতি মন্ধানাই শতক অৰ্জন কৰিবলৈ সক্ষম হয়।
ব্রিজবেনৰ এলান বর্ডাৰ ফিল্ডত অনুষ্ঠিত হোৱা প্রথম দুখন এদিনীয়া মেচত পৰাজয়ৰ পাছত তৃতীয়খন মেচ পার্থত অনুষ্ঠিত হৈছিল ৷
এই এদিনীয়াতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানাই দলটোক ভাল আৰম্ভণি দি বছৰৰ চতুৰ্থটো শতক অৰ্জন কৰে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই খেলখনত ১০৩ বলত ১০৫ ৰান সংগ্ৰহ কৰে স্মৃতি মন্ধানাই। এই সময়ছোৱাত তেওঁ ১৪টা চাৰি আৰু ১টা ছয় মাৰিবলৈ সক্ষম হয়।
২০২৪ চনত চতুৰ্থটো শতক অৰ্জন কৰিছে স্মৃতিয়ে। ইয়াৰ লগে লগে তেওঁ মহিলা ক্ৰিকেটত বছৰৰ সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়।
মহিলাৰ এদিনীয়া ক্ৰিকেটত এটা বছৰত ৩ টা শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৭ গৰাকী খেলুৱৈয়ে। কিন্তু চতুৰ্থটো শতক স্পৰ্শ কৰা প্ৰথম গৰাকী খেলুৱৈ মন্ধানা।
এই ইনিংছেৰে এদিনীয়া কেৰিয়াৰত ৯ টা শতক অৰ্জন কৰিছে স্মৃতি মন্ধানাই। ভাৰতৰ হৈ এদিনীয়া মেচত সৰ্বাধিক শতক অৰ্জন কৰা মহিলা ক্ৰিকেটাৰ হৈছে স্মৃতি মন্ধানা ।
পঢ়িবলৈ ক্লিক কৰক