১৩ জুলাই, ২০২৪
TV9 ASSAM
বিশ্বৰ বিভিন্ন দেশৰ নাম সলনি কৰি নতুন নামেৰে নামাংকন কৰা হৈছে। সাধাৰণতে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰণৰ দ্বাৰা প্ৰভাৱিত হৈ এইদৰে দেশ বা স্থানৰ নাম পৰিৱৰ্তন কৰা হয়।
বহু দেশে সলনি কৰিছে পূৰ্বৰ নাম
শ্ৰীলংকাৰ পুৰণি নাম আছিল চিলন। ১৯৭২ চনত দেশখনৰ নাম সলনি কৰি শ্ৰীলংকা কৰা হয়।
ইউৰোপৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত মেচিডোনিয়া দেশখনৰ নাম ২০১৯ চনত সলনি কৰি উত্তৰ মেচিডোনিয়া কৰা হয়।
ম্যানমাৰ পূৰ্বে বাৰ্মা নামেৰে জনাজাত আছিল। ১৯৮৯ চনত এই দেশৰ নাম সলনি কৰি ম্যানমাৰ কৰা হয়।
১৯৯৭ চনত মধ্য আফ্ৰিকাৰ দেশ জাইৰেৰ নাম সলনি কৰি ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো নামেৰে নতুনকৈ নামাংকন কৰা হয়।
ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো
১৯৭১ চনৰ পূৰ্বে বাংলাদেশৰ নাম আছিল পূব পাকিস্তান। যুদ্ধৰ পিছত পূব পাকিস্তান পশ্চিম পাকিস্তানৰ পৰা স্বাধীন হয়, তাৰ পিছত নতুন দেশ বাংলাদেশ গঠন হয়।
থাইলেণ্ডৰ পুৰণি নাম আছিল চিয়াম। ১৯৯৩ চনত এই দেশৰ নাম থাইলেণ্ডলৈ সলনি কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক
বাৰিষাৰ দিনত ভ্ৰমণৰ বাবে বাছি লওক এইকেইখন ঠাই