যাত্ৰীবাহী বাহনত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা, নিহত ১১ জন…
অচিনাক্ত বন্দুকধাৰীয়ে এখন যাত্ৰীবাহী বাহনত গুলীচালনা কৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ৬ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত এই ঘটনা সংঘটিত হয় ।
পাকিস্তানত অচিনাক্ত বন্দুকধাৰীয়ে এখন যাত্ৰীবাহী বাহনত গুলীচালনা কৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ৬ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি, শনিবাৰে পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত এই ঘটনা সংঘটিত হয় । আফগানিস্তানৰ সীমান্তৱৰ্তী কুৰৰাম জিলাৰ কাঞ্জ আলিজাই অঞ্চলত এজন বন্দুকধাৰীয়ে এখন যাত্ৰীবাহী বাহনত গুলীচালনা কৰে ।
ইফালে ঘটনাস্থলীত আইন প্ৰয়োগকাৰী বাহিনী উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰু পলায়ন কৰা অভিযুক্তক ধৰিবলৈ তালাচী অভিযান আৰম্ভ কৰে। এগৰাকী বিষয়াই সদৰী কৰা মতে, এই গুলীচালনা ঘটনাৰ দায়িত্ব কোনো এটা সন্ত্ৰাসবাদী গোটে স্বীকাৰ কৰা নাই ।
খাইবাৰ পখতুনখোৱাৰ কুৰ্ৰাম জিলাৰ কুঞ্জ আলিজাই অঞ্চলত সংঘটিত হোৱা গুলীচালনাত ১১ জন লোক নিহত হোৱাৰ লগতে ৬ জন লোক আহত হোৱা বুলি চিকিৎসালয় আৰু স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে । আহত সকলৰ ভিতৰত এগৰাকী মহিলাও আছে ।
জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক মিৰ হাছানে জনোৱা মতে, এই ঘটনাত আহত হোৱা লোকক চিকিৎসালয়লৈ অনা হয়, ইয়াৰে এজনৰ মৃত্যু হয় । বৰ্তমান বাকী আহত লোকসকলৰ চিকিৎসা চলি আছে বুলি জানিবলৈ দিছে । কুৰৰামৰ উপায়ুক্তই কয় যে, কুৰৰামত প্ৰৱেশ আৰু প্ৰস্থান পথ সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।