শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেপালৰ শোকাৱহ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধিঃ নিহত মহাৰাষ্ট্ৰৰ ২৪জন লোক

নেপালত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ২৭ জন লোকৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। চিনাক্তকৰণ হোৱা এই মৃতদেহ কেইটা আজি ভাৰতীয় বায়ুসেনাৰ বিমানৰ জৰিয়তে মহাৰাষ্ট্ৰলৈ অনা হ’ব।

নেপালৰ শোকাৱহ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধিঃ নিহত মহাৰাষ্ট্ৰৰ ২৪জন লোক
নেপাল বাছ দুৰ্ঘটনা
monjit-dutta
Monjit Dutta | Published: 24 Aug 2024 08:35 AM

শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। চিনাক্তকৰণ হোৱা এই মৃতদেহ কেইটা আজি ভাৰতীয় বায়ুসেনাৰ বিমানৰ জৰিয়তে মহাৰাষ্ট্ৰলৈ অনা হ’ব। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ কার্যালয়ে এই কথা নিশ্চিত কৰিছে৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য বিষয়ববীয়াৰ সৈতে বাৰ্তালাপ কৰে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, গৃহমন্ত্ৰীৰ হস্তক্ষেপৰ পিছত এতিয়া ভাৰতীয় বায়ুসেনাৰ এখন বিমানৰ ব্যৱস্থা কৰা হৈছে। এই বিমানখনৰ সহায়ত আজি মহাৰাষ্ট্ৰলৈ অনা হ’ব নেপালৰ এই শোকাৱহ দুৰ্ঘটনাত নিহত লোকসকলৰ মৃতদেহ। এই ঘটনাত নিহত লোকসকল মুম্বাইৰ পৰা প্ৰায় ৪৭০ কিলোমিটাৰ দূৰত্বত থকা জলগাঁও জিলাৰ বাৰগাঁও, দৰিয়াপুৰ, তালভেল আৰু ভূছাৱলৰ বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, মৃতদেহকেইটা ঘূৰাই অনাৰ বাবে এজন ন’ডেল অফিচাৰকো নিযুক্তি দিয়া হৈছে। ইফালে এই দুৰ্ঘটনাৰ পিছতে মহাৰাষ্ট্ৰ দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালক লাহু মালিয়ে কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰখনত বিষয়াগৰাকীয়ে ২৪ আগষ্টৰ সন্ধিয়া, অৰ্থাৎ আজি নেপালত নিহত লোকসকলৰ মৃতদেহ আৰু আহত যাত্ৰীসকলক গোৰখপুৰলৈ অনা হ’ব বুলি উল্লেখ কৰিছিল।

কিন্তু বাণিজ্যিক বিমানেৰে মৃতদেহ আৰু আহত লোকসকলক মহাৰাষ্ট্ৰলৈ ঘূৰাই অনাটো সম্ভৱ নহ’ব বুলি উল্লেখ কৰিছিল আৰু সেয়েহে বায়ুসেনাৰ বিমানৰ ব্যৱস্থা কৰা হৈছিল। এই বিমানখনৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। উল্লেখ্য যে কালি নেপালৰ তনাহুন জিলাত দুৰ্ঘটনাত পতিত হৈছিল উত্তৰ প্ৰদেশৰ নম্বৰ প্লেট থকা এখন যাত্ৰীবাহী বাছ।

কাঠমাণ্ডু অভিমুখী এই বাছখন হঠাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ মৰ্সংগদী নদীত বাগৰি পৰে। এই ঘটনাত ১৬ জন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত বাছখনত চালক আৰু দুজন সহায়ককে ধৰি মুঠ ৪৩জন লোক আছিল। ইফালে দুৰ্ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী আৰু নেপাল সেনাৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উদ্ধাৰকাৰী দলটোৱে মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসাৰ সময়তে পুনৰ আন ১১ জন লোকৰ মৃত্যু ঘটে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। বিপৰীতে ১১ জনৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। আহত আনসকল লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।