কয়লা খনিত ভয়াৱহ বিস্ফোৰণঃ প্ৰাণ গ’ল ৩০ জনৰ, ১৭ জন আহত | 30 people died several injured coal mine explosion in Iran Assam news - Assam Tv9

কয়লা খনিত ভয়াৱহ বিস্ফোৰণঃ প্ৰাণ গ’ল ৩০ জনৰ, ১৭ জন আহত

Published: 

22 Sep 2024 16:50 PM

ইৰাণত শনিবাৰে নিশা এক কয়লা খনিত সংঘটিত হোৱা বিস্ফোৰণত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন আহত হৈছে। কয়লা খনিটোত মিথেন লিকেজ হোৱাৰ ফলতে এই বিস্ফোৰণ সংঘটিত হয় ্বুলি স্থানী্য সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

কয়লা খনিত ভয়াৱহ বিস্ফোৰণঃ প্ৰাণ গ’ল ৩০ জনৰ, ১৭ জন আহত

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

মধ্যপ্ৰাচ্যৰ দেশ ইৰাণত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। এক কয়লা খনিত হোৱা বিস্ফোৰণে প্ৰাণ লৈছে কেইবাগৰাকীও শ্ৰমিকৰ। শনিবাৰে নিশা প্ৰায় ৯ বজাত কয়লা খনিটোত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কয়লা খনিটোত মিথেন লিকেজ হোৱাৰ ফলত সংঘটিত হয় এক বিস্ফোৰণ। বিস্ফোৰণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ জন আহত হয় বুলি স্থানীয় সংবাদ মাধ্যমে লগতে সদৰী কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰা ৫৪০ কিলোমিটাৰ দূৰত্বত থকা টাবাছৰ এটা কয়লা খনিত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তো খনিটোত কাম চলি থকা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তথ্য অনুসৰি বিস্ফোৰণৰ সময়ত কয়লা খনিটোত প্ৰায় ৭০ জন লোক কৰ্মৰত অৱস্থাত আছিল।

ইফালে বিস্ফোৰণৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহত লোকসকলক উদ্ধাৰ কৰি গে গে চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি কৰ্তৃপক্ষৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে স্থানীয় সংবাদ মাধ্যমে। লক্ষণীয়ভাৱে ইৰাণৰ কয়লা খনিত এনে দুৰ্ঘটনা এয়াই প্ৰথম নহয়।

ইয়াৰ পূৰ্বেও ইৰাণত সময়ে সময়ে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ২০১৭ চনতো দেশখনৰ এক কয়লা খনিত আন এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হৈছিল। এই বিস্ফোৰণত ৪২ জন লোকৰ মৃত্যু হোৱা বুলি পোহৰলৈ আহিছিল। তাৰ পূৰ্বে ২০১৩ চনত দুটা ভিন্ন খনিত হোৱা এনে বিস্ফোৰণত ১১ জন শ্ৰমিকৰ মৃত্যু হৈছিল। তাৰ পূৰ্বেও ২০০৯ চনত সংঘটিত হোৱা এক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ২০ জন শ্ৰমিকে।

সাধাৰণতে সুৰক্ষা ব্যৱস্থাত থকা আসোঁৱাহৰ বাবেই ইৰাণৰ খনন অঞ্চলত এনে বিস্ফোৰণ তথা দুৰ্ঘটনা সঘনাই সংঘটিত হয়। আনহাতে খনিত কৰ্মৰত শ্ৰমিকসকলে এনে দুৰ্ঘটনাৰ সময়ত খনিৰ পৰা বাহিৰলৈ ওলাবলৈ কোনো জৰুৰীকালীন সেৱা উপলব্ধ নথকাৰ বাবে মৃত্যুমুখত পৰিব লগা হয়।

তৈল সম্পদত চহকী ইৰাণ বিশ্বৰ বুকুত তেল উৎপাদনৰ বাবে বিশেষভাৱে পৰিচিত। একে সময়তে ইৰাণত আন বিভিন্ন ধৰণৰ খনিজ পদাৰ্থও যথেষ্ট পৰিমাণে উপলব্ধ। ইৰাণে বছৰি প্ৰায় ৩৫ লাখ টন কয়লা ব্যৱহাৰ কৰে যদিও প্ৰতি বছৰে ইয়াৰ খনিৰ পৰা মাত্ৰ ১৮ লাখ টন কয়লা উলিয়ায়। আনহাতে বাকী প্ৰয়োজনীয় কয়লা আমদানি কৰে দেশখনে। এই কয়লা প্ৰায়ে দেশৰ তীখা কলৰ বাবে ব্যৱহাৰ কৰা হয়।

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
Exit mobile version