কঠোৰ ইজৰাইল! গাজাত চলালে ভয়ংকৰ আক্ৰমণ, প্ৰায় ৩০ জনৰ মৃত্যু
আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ পিছতো ক্ষান্ত হোৱা নাই ইজৰাইল। গাজাৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আহিছে দেশখনে। আজি গাজাৰ উত্তৰ অঞ্চলত ইজৰাইলে চলোৱা কেইবাটাও বিমান আক্ৰমণত ১৩টি শিশুকে ধৰি কমেও ৩০জন লোকৰ মৃত্যু হোৱা বুলি গাজা প্ৰশাসনে নিশ্চিত কৰিছে।
শান্ত হোৱা নাই মধ্য প্ৰাচ্যৰ পৰিস্থিতি। যুদ্ধৰ ভয়াৱহতাই ছানি ধৰিছে অঞ্চলটো। বিশেষকৈ ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে গাজা। ইটোৰ পিছত সিটোকৈ আক্ৰমণেৰে গাজাৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে ইজৰাইলে। সংকটাপন্ন হৈ পৰিছে জনজীৱন। ইতিমধ্যেই মৃত্যু ঘটিছে হাজাৰ হাজাৰ লোকৰ। আজি পুনৰ গাজাৰ উত্তৰ অঞ্চলত ইজৰাইলে কেইবাটাও বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ১৩টি শিশুকে ধৰি কমেও ৩০জন লোকৰ মৃত্যু হোৱা বুলি গাজা প্ৰশাসনে নিশ্চিত কৰিছে।
গাজাৰ নিৰাপত্তা সংস্থাই সদৰী কৰা মতে, আজি পুৱা জাবালিয়াৰ এটা ঘৰত সংঘটিত হোৱা ইজৰাইলৰ এক আক্ৰমণত কমেও ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনতকৈ অধিক লোক আহত হয়। ইয়াৰ উপৰিও গাজা চহৰৰ ছাব্ৰা অঞ্চলত সংঘটিত আন এক আক্ৰমণত পাঁচজন লোকৰ মৃত্যু হৈছে। আনহাতে এই আক্ৰমণৰ ফলত কিছু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।
এনে পৰিস্থিতিত আক্ৰমণত নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সম্প্ৰতি প্ৰশাসনে সেই স্থানত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইজৰাইলৰ আক্ৰমণ সন্দৰ্ভত জাবালিয়াৰ স্থানীয় আল-আহলী হাস্পতালৰ সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া মতে জাবালিয়া শিবিৰত এই আক্ৰমণত বহু মহিলা আৰু শিশুৱেও প্ৰাণ হেৰুৱাইছে। গুৰুতৰভাৱে আহত বহুকেইযন লোক এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে।
গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ইজৰাইলৰ চলি থকা সামৰিক অভিযানত এতিয়ালৈকে ৪৩,৬০৩ জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০২,৯২৯ জন লোক আহত হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত এই আক্ৰমণত ৫১ জন লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান সময়তো আক্ৰমণ সংঘটিত হোৱা স্থানৰ ধ্বংসাৱশেষৰ তলত বৃহৎ সংখ্যক লোক আৱদ্ধ হৈ আছে।
ইফালে ইজৰাইলে গাজাত ধাৰাবাহিকভাৱে চলোৱা এনে আক্ৰমণ বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমাজৰ বাৰে বাৰে আহ্বান জনাই আহিছে যদিও এই আহ্বানৰ প্ৰতি কোনো ভ্ৰুক্ষেপ কৰা নাই ইজৰাইলে। বৰঞ্চ যোৱা ২৪ ঘণ্টাৰ ভিতৰত আক্ৰমণৰ চোক ক্ৰমাৎ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। গাজাৰ মানৱীয় সংকটৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘ আৰু বহু দেশে দুয়োপক্ষক যুদ্ধবিৰতিৰ আহ্বান জনাইছে।
লক্ষণীয়ভাৱে শনিবাৰেও ইজৰাইলে গাজাৰ তিনিটা পৃথক স্থানত ইজৰাইলে ভয়ংকৰ আক্ৰমণ চলাইছিল। এই আক্ৰমণত মহিলা- শিশুসহ প্ৰায় ১৬ জন লোকৰ মৃত্যু হৈছিল। গাজাৰ পূব টুফা অঞ্চলত শৰণাৰ্থীৰ আশ্ৰয়ওস্থল হিচাপে ব্যৱহৃত এখন বিদ্যালয়ত চলোৱা আক্ৰমণত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দক্ষিণৰ খান ইউনিছ চহৰত আন এক আশ্ৰয়স্থলত চলোৱা আক্ৰমণত ৭জন লোক নিহত হয়।