নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ড! বৰ্তমানলৈ প্ৰাণ গ’ল ৫১ জনৰ, আহত ১০০ ৰো অধিক…

এক ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ৫১ জনৰো অধিক লোকৰ। জানিব পৰা মতে, এখন নাইট ক্লাবত সংঘটিত অগ্নিকাণ্ডৰ ফলত এই ঘটনা সংঘটিত হয়। উত্তৰ মেচিডোনিয়াত সংঘটিত এই ঘটনা।

নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ড! বৰ্তমানলৈ প্ৰাণ গল ৫১ জনৰ, আহত ১০০ ৰো অধিক...

অগ্নিকাণ্ড

Published: 

16 Mar 2025 16:43 PM

এটা নাইট ক্লাবত অগ্নিসংযোগ হোৱাৰ ফলত মৃত্যু মুখত পৰে প্ৰায় ৫১ জন লোক আৰু আহত হয় ১০০ ৰো অধিক। বিভিন্নজনে বন্ধু বান্ধৱীৰ সৈতে পাৰ্টী বা আনন্দ কৰি থকাৰ মাজতে সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,আহকসকলক ইতিমধ্যে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে অধিকাংশৰ অৱস্থা সংকটজনক। এই ভয়ংকৰ , হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ ইউৰোপৰ দেশ উত্তৰ মেচিডোনিয়াৰ এটা নাইট ক্লাবত। দেওবাৰে পুৱা দেশখন গৃহ মন্ত্ৰালয়ে এই তথ্য সদৰি কৰে।

খবৰ অনুসৰি দেওবাৰে পুৱা ৰাজধানী স্কোপজেৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পূবে অৱস্থিত কোকানি চহৰৰ পালছ নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয়।  জানিব পৰা মতে, নাইট ক্লাবত মিউজিক কনচাৰ্টৰ সময়ত আতচবাজী কৰাৰ লগে লগে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, এই ভিডিঅ’ চালে গ’ম পোৱা যায় যে জুই কিমান ভয়াবহ আছিল।

ভিডিঅ’টোত দেখা গৈছে যে, চাৰিওফালে জুই আৰু ধোঁৱাই আৱৰি ধৰিছে। মূহুৰ্ততে সমগ্ৰ অট্টালিকাটোত জুই বিয়পি পৰিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ক্লাবটোত যথেষ্ঠ সংখ্যক লোক উপস্থিত আছিল, যাৰ বাবে সকলোৰে মাজত হুৱা দুৱা লাগে আৰু নিজৰ প্ৰাণ বচাবলৈ সকলোৱে দৌৰিবলৈ আৰম্ভ কৰে।

মেচিডোনিয়াৰ স্বৰাজ মন্ত্ৰী পাঞ্চে টছকোভস্কিয়ে কয় যে দেওবাৰে পুৱা নাইট ক্লাব পালছত পপ গ্ৰুপৰ কনচাৰ্টৰ সময়ত এই ঘটনা সংঘটিত হয়। ক্লাবটোত মানুহে বহু ফটকা ফুটাইছিল, যাৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু মূহুৰ্ততে চাৰিওফালে জুইয়ে আগুৰি ধৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে সংগীত কনচাৰ্টৰ সময়ত ক্লাবটোত হাজাৰৰো অধিক লোক উপস্থিত আছিল।  এই ঘটনাত আহত লোকসকলক কোকানীৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে অধিকাংশ লোকৰ অৱস্থা অতি সংকটজনক। ইয়াৰোপৰি ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। গতিকে পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, স্থানীয় সংগীতৰ দলে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। এই সময়চোৱাতে একাংশ যুৱকে ফটকা ফুটাই আৰু পাছত জুইৰ শিখা সকলোফালে আগুৰি ধৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰমৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।মেচিডোনিয়াৰ কৰ্তৃপক্ষই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে উত্তৰ মেচিডোনিয়াৰ প্ৰধানমন্ত্ৰী হৃষ্টিজান মিকোস্কিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

 

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ