শোকাৱহ! দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছঃ ৬জনৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ | 6 died many injured as bus plunge into ditch Balochistan Pakistan Assam news - Assam Tv9

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছঃ ৬জনৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Published: 

14 Sep 2024 23:58 PM

পাকিস্তানৰ বেলুচিস্তানত এখন যাত্ৰীবাহী বাছ পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ২০ জন লোক। তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখনত মুঠ ৩০ জনতকৈ অধিক লোক আছিল। তীব্ৰ বেগেৰে গৈ থকাৰ বাবে বাছখন দুৰ্ঘটনাত পতিত হয় বুলি সন্দেহ কৰা হৈছে।

শোকাৱহ! দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছঃ ৬জনৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰতিনিধিত্বমূলক ছবি

Follow Us On

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন যাত্ৰীবাহী বাছ। এই ভয়াৱহ দুৰ্ঘটনাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ২০ জন লোক। প্ৰকাশিত খবৰ অনুসৰি বেলুচিস্তানৰ দনাসৰ অঞ্চলত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। এক পাহাৰীয়া পথেৰে গৈ থকা অৱস্থাত যাত্ৰীবাহী বাছখন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে আৰু ইয়াৰ ফলতে ৬ জনকৈ লোকৰ মৃত্যু হয়। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনত মুঠ ৩০ জনতকৈ অধিক লোক আছিল।

ঘটনা সন্দৰ্ভত স্থানীয় প্ৰশাসনিক বিষয়াসকলে জানিবলৈ দিয়া মতে, আজি পুৱাই সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাগ্ৰস্ত বাছখন তীব্ৰ বেগত গৈ থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতে স্থানীয় কিছু লোক ঘটনাস্থলীৰ কাষ চাপি আহে আৰু আৰক্ষী প্ৰশাসনক ঘটনাৰ বিষয়ে অৱগত কৰে।

এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অভিযানকাৰী দলটোৱে আহত লোকসকলক উদ্ধাৰ কৰি লগে লগে সমীপৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তৎক্ষণাত আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে স্থানীয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থ বুলি জানিব পৰা গৈছে। স্থানীয় প্ৰশাসনে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। বেলুচিস্তানৰ মুখ্যমন্ত্ৰীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

এনেধৰণৰ ঘটনা ৰোধৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে বেলুচিস্তানত এনে দুৰ্ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পাহাৰীয়া অঞ্চলৰ পথসমূহ যথেষ্ট বিপদজনক হোৱাৰ বাবে প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হয়। যোৱা কেইবছৰমানৰ পৰা বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱাত কেইবাটাও বৃহৎ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাসমূহত বহু লোকে প্ৰাণ হেৰুৱাইছে।

এনে পৰিস্থিতিত স্থানীয় বাসিন্দা আৰু যাত্ৰীসকলে পথ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। পথসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে যান-বাহনৰ নিয়মসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ তেওঁলোকে দাবী জনাইছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version