5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৰদিনৰ বজাৰত ভিৰ কৰা গ্ৰাহকক মহতিয়াই নিলে এখন বিলাসী বাহনে, ২ জন নিহত বিপৰীতে ৬০ জন আহত

জাৰ্মানীৰ মেগডেবাৰ্গ চহৰৰ এখন বৰদিনৰ বজাৰত এজন লোকে বিলাসী বাহনেৰে ইচ্ছাকৃতভাৱে আক্ৰমণ সংঘটিত কৰাৰ খবৰ লাভ কৰা গৈছে । এই আক্ৰমণত ২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৬০ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে ।

বৰদিনৰ বজাৰত ভিৰ কৰা গ্ৰাহকক মহতিয়াই নিলে এখন বিলাসী বাহনে, ২ জন নিহত বিপৰীতে ৬০ জন আহত
জাৰ্মান বৰদিনৰ বজাৰত আক্ৰমণৰ সন্দেহImage Credit source: PTI
manas-borah
Manas Borah | Published: 21 Dec 2024 12:52 PM

বৰদিনক লৈ বিশ্বৰ প্ৰত্যেকটো প্ৰান্ততে ব্যস্ততা বাঢ়িছে । বজাৰ সমূহতো গ্ৰাহকৰ ভিৰ দেখা গৈছে । ইয়াৰ মাজতে জাৰ্মানীৰ মেগডেবাৰ্গ চহৰৰ এখন বৰদিনৰ বজাৰত এজন লোকে বিলাসী বাহনেৰে ইচ্ছাকৃতভাৱে আক্ৰমণ সংঘটিত কৰাৰ খবৰ লাভ কৰা গৈছে । এই আক্ৰমণত ২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৬০ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে ।

খবৰ অনুসৰি, লোকজনে নিজৰ বিলাসী বাহনেৰে বজাৰখনত ভিৰ কৰাৰ লোকসকলক এফালৰ পৰা ইচ্ছাকৃতভাৱে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে । যোৱা শুকুৰবাৰে সন্ধিয়া ৭ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । ইফালে বাহনখনৰ লগতে চালকজনক স্থানীয় আইন প্ৰয়োগকাৰী কৰ্তৃপক্ষই আটক কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত হোৱাৰ সময়ত বৃহৎ সংখ্য়ক লোক বৰদিনৰ উপলক্ষে বজাৰ কৰাত ব্যস্ত আছিল ।

সূত্ৰ খবৰ অনুসৰি, নিহত হোৱাৰ দুজন লোকৰ ভিতৰত এজন প্ৰাপ্তবয়স্ক আৰু এজন শিশু আছে বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, আহত সকলৰ ভিতৰত ১৫ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে মৃত্যু সংখ্যা বৃদ্ধি পাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় কৰ্তৃপক্ষই ।

মনকৰিবলগীয়া যে, চেক্সন-আনহাল্ট ৰাজ্যৰ স্বৰাজ মন্ত্ৰী তামাৰা জিচচাঙে এক সংবাদমেলত কয় যে, সন্দেহযুক্ত লোকজন ২০০৬ চনত জাৰ্মানীলৈ যোৱা ৫০ বছৰীয়া ছৌদি চিকিৎসক। মেগডেবাৰ্গৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) দক্ষিণে অৱস্থিত বাৰ্নবাৰ্গত তেওঁ চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰি আহিছে জানিবলৈ দিছে তামাৰা জিচচাঙে ।

প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনাৰ আঠ বছৰৰ পূৰ্বে বাৰ্লিনৰ এখন বৰদিনৰ বজাৰত এজন ইছলামিক উগ্ৰপন্থীয়ে এখন ট্ৰাক চলাই আক্ৰমণ সংঘটিত কৰিছিল । এই ঘটনাত ১৩ জন লোকৰ নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হৈছিল ।

Latest News