শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পিতৃ-মাতৃয়ে পছন্দ কৰা নাছিল তেওঁৰ পেচা, সেই পেচাৰেই ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিলে ২৩ কোটিৰ ধাৰ

চেনে পাঁচ বছৰ বয়সৰ পৰাই কেলিগ্ৰাফী শিকিবলৈ আৰম্ভ কৰিছিল, এই শিল্পৰ প্ৰেমত পৰিছিল তেওঁ । কিন্তু তেওঁৰ নিষ্ঠা সত্ত্বেও তেওঁৰ পিতৃ-মাতৃয়ে সঁহাৰি জনোৱা নাছিল । কিন্তু চেনে নিজকে প্ৰমাণ কৰি দেখুৱালে ।

পিতৃ-মাতৃয়ে পছন্দ কৰা নাছিল তেওঁৰ পেচা, সেই পেচাৰেই ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিলে ২৩ কোটিৰ ধাৰ
প্ৰতীকী ছবিImage Credit source: Meta AI
raj-saikia
Raj Saikia | Published: 09 Apr 2025 15:45 PM

দৃঢ়তা আৰু আত্মবিশ্বাসৰ এক প্ৰেৰণাদায়ক কাহিনী । এজন যুৱক যাৰ মূৰৰ ওপৰত আছিল প্ৰায় ২৩ কোটি টকাৰ ধাৰৰ বোজা । পিতৃ-মাতৃয়ে পছন্দ কৰা নাছিল তেওঁৰ পেচাক । তথাপিও তেওঁ হতাশ হোৱা নাছিল । নিজৰ লগতে পেচাৰ ওপৰতো সম্পূৰ্ণ ভৰষা ৰাখিছিল যুৱকজনে । অৱশেষত লাভ কৰিলে সাফল্য ।

চীনৰ য়ুহানৰ ৩১ বছৰীয়া চেন ঝাওৱে মাত্ৰ সাত বছৰৰ ভিতৰত কেলিগ্ৰাফী শিকোৱাৰ জৰিয়তে পিতৃ-মাতৃৰ ২ কোটি ইউৱেন (প্ৰায় ২৩ কোটি টকা বা ২৮ লাখ মাৰ্কিন ডলাৰ)ৰ ঋণ সফলতাৰে পৰিশোধ কৰিলে । প্ৰাচীন শিল্পৰূপটোৰ প্ৰতি গভীৰ আবেগেৰে আৰম্ভ হোৱা তেওঁৰ এই যাত্ৰা এতিয়া চীনৰ ছ’চিয়েল মিডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এক চৰ্চিত কাহিনীত পৰিণত হৈছে ।

সন্দেহৰ সন্মুখীন হোৱা শৈশৱৰ এক আবেগ
চাউথ চাইনা মৰ্নিং পোষ্ট (এছচিএমপি)ৰ মতে, চেনে পাঁচ বছৰ বয়সৰ পৰাই কেলিগ্ৰাফী শিকিবলৈ আৰম্ভ কৰিছিল, এই শিল্পৰ প্ৰেমত পৰিছিল তেওঁ । কিন্তু তেওঁৰ নিষ্ঠা সত্ত্বেও তেওঁৰ পিতৃ-মাতৃয়ে সঁহাৰি জনোৱা নাছিল । তেওঁলোকে বাৰে বাৰে চেনক কৈছিল যে কেলিগ্ৰাফী কেতিয়াও এটা সুস্থিৰ কেৰিয়াৰ হ’ব নোৱাৰে । চেনে বিশ্ববিদ্যালয়ৰ মেজৰ নিৰ্বাচন কৰাৰ সময়ত তেওঁলোকৰ উদ্বেগ তীব্ৰতৰ হৈ পৰিছিল । পিতৃ-মাতৃয়ে তেওঁক ব্যৱসায়িক ডিগ্ৰী ল’বলৈ উৎসাহিত কৰাৰ বিপৰীতে চেন নিজৰ পছন্দত অটল আছিল । তেওঁ হুবেই ইনষ্টিটিউট অৱ ফাইন আৰ্টছত নামভৰ্তি কৰে, য’ত তেওঁ কেলিগ্ৰাফীত মেজৰ লয় ।

২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চেনে পিতৃ-মাতৃৰ কাপোৰৰ ব্যৱসায়ত জড়িত নোহোৱাৰ সিদ্ধান্ত লয় । বৰঞ্চ তেওঁ নিজাকৈ কেলিগ্ৰাফী শিক্ষণ ষ্টুডিঅ’ খুলিলে । তেওঁৰ প্ৰথম ছাত্ৰ আছিল এজন বাওঁহতীয়া প্ৰাথমিক বিদ্যালয়ৰ শিশু । যেন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল চেন আৰু তেওঁৰ ছাত্ৰ । কিন্তু প্ৰচেষ্টা আৰু ধৈৰ্যৰে শিশুটিয়ে অৱশেষত সুন্দৰ হাতৰ আখৰ আয়ত্ত কৰিলে, প্ৰাৰম্ভিক সফলতাৰ পাছত চেনৰ ষ্টুডিঅ’ৰ নাম সকলোৰে মুখে মুখে হ’ল ।

সংকটত পৰিয়াল
২০১৭ চনত তেওঁ ফ্ৰান্সৰ এখন কেলিগ্ৰাফী প্ৰতিষ্ঠানত কিছু সময়ৰ বাবে কাম কৰিছিল । কিন্তু সেই বছৰৰ শেষৰ ফালে তেওঁ চীনলৈ উভতি আহে । তেতিয়া তেওঁৰ পৰিয়ালৰ কাপোৰৰ ব্যৱসায় দুৰ্বল পৰিচালনাৰ বাবে বন্ধ হৈ পৰে আৰু ২৩ কোটি টকাৰ ধাৰৰ বোজাত পোত যায় পৰিয়ালটো । এই সময়ছোৱাত তেওঁৰ পিতৃও অসুস্থ হৈ পৰে, যাৰ ফলত যুৱ শিল্পীগৰাকীৰ ওপৰত অধিক চাপ পৰিছিল ।

পৰিয়ালটো সংকটত পৰাৰ বাবে চেনে নিজৰ ষ্টুডিঅ’টো সম্প্ৰসাৰণ কৰিলে, টিউচন মাচুল বৃদ্ধি কৰিলে আৰু অধিক সময় কাম কৰিবলৈ আৰম্ভ কৰিলে । প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈকে শিক্ষকতা কৰি মাজত মাত্ৰ দুপৰীয়া ক্ষন্তেক বিৰতি লৈছিল তেওঁ । সহায়ক কৰ্মচাৰী নিযুক্তি দিয়াৰ পিছতো তেওঁৱেই একমাত্ৰ শিক্ষক হিচাপে আছিল, কিয়নো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ব্যক্তিগত নিৰ্দেশনাক পছন্দ কৰিছিল । তেওঁৰ মতে, “মই কিছুমান শিক্ষক নিয়োগ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উভয়ে তেওঁলোকৰ শিক্ষকতাৰ ক্ষমতাক পছন্দ কৰা নাছিল ।”

কলাক উদ্যোগলৈ ৰূপান্তৰ
শিক্ষকতাৰ উপৰিও চেনে কেলিগ্ৰাফী সামগ্ৰীৰ অনলাইন বিক্ৰী আৰম্ভ কৰিছিল আৰু উপাৰ্জনৰ পৰিপূৰক হিচাপে চাহৰ দোকান খুলিছিল । সময়ৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যাই ৩০০ অতিক্ৰম কৰিলে । তেওঁৰ বন্ধুসকলে অৱশ্যে তেওঁৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ পৰিল । লিয়াং উপাধিৰ এজন বন্ধুৱে কয়, “আমি যেতিয়াই লগ পাইছিলো তেতিয়াই তেওঁক ভাগৰুৱা আৰু শেঁতা পৰা দেখিছিলো । আমি তেওঁক অলপ সহজ হ’বলৈ অনুৰোধ কৰিছিলো ।”

তথাপিও চেনে নিজৰ মিছনত মনোনিৱেশ কৰে । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত তেওঁ সমগ্ৰ ঋণ পৰিশোধ কৰিছিল । আৰ্থিক জয়তকৈও বেছি গুৰুত্বপূৰ্ণ আছিল তেওঁৰ পিতৃ-মাতৃৰ হৃদয় জয় । চেনে কয়, “মোক যিটোৱে সুখী অনুভৱ কৰাইছিল সেয়া হ’ল মোৰ পিতৃ-মাতৃয়ে মোৰ কেলিগ্ৰাফী ব্যৱসায়ক সমৰ্থন কৰিছে, এই শিল্পৰ দ্বাৰা ধন ঘটিব পাৰি বুলি স্বীকাৰ কৰিছে ।”