দৰিদ্ৰ আফগানৰ উপাৰ্জনৰ মূল উৎস ! তালিবানৰ নিষেধাজ্ঞাৰ পাছতো আফগানিস্তানত বৃদ্ধি পাইছে আফিং খেতি…
তালিবানে আফগানিস্তানত সৰ্ববৃহৎ উপাৰ্জনৰ উৎস আফিঙৰ খেতিতো নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত আফগানিস্তানত আফিঙৰ খেতি হ্ৰাস পাইছিল যদিও যোৱা এবছৰৰ পৰা পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পাছতে দেশখনত কঠোৰ শ্বৰীয়ত আইন ৰূপায়ণ কৰে। দেশখনত বহু ক্ষেত্ৰত বহু পৰিৱৰ্তন কৰাৰ সমান্তৰালকৈ তালিবানে দেশখনৰ সৰ্ববৃহৎ উপাৰ্জনৰ উৎস আফিঙৰ খেতিতো নিষেধাজ্ঞা আৰোপ কৰিছিল। ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত আফগানিস্তানত আফিঙৰ খেতি হ্ৰাস পাইছিল যদিও যোৱা এবছৰৰ পৰা পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
ৰাষ্ট্ৰসংঘৰ সংস্থা UNODC (United Nations Office on Drugs and Crime)ৰ প্ৰতিবেদন অনুসৰি তালিবানৰ নিষেধাজ্ঞাৰ পিছতো যোৱা এবছৰত আফিং খেতি ১৯ শতাংশ বৃদ্ধি পাইছে। মনকৰিবলীয়া যে, যোৱা এবছৰত দেশখনত আফিং খেতি হাৰ বৃদ্ধি পাইছে যদিও এই হাৰ তালিবানে আফগানিস্তান দখলৰ কৰা পূৰ্বৰ স্তৰৰ বহু তলত । তথ্য অনুসৰি, দেশখনত চলিত বৰ্ষত ১২,৮০০ হেক্টৰ (৩১,৬২৯ একৰ) ভূমিত আফিং খেতি কৰা হৈছে । তালিবানে নিষেধাজ্ঞা আৰোপ কৰাৰ পূৰ্বে দেশখনৰ প্ৰায় ২ লাখ ৩২ হাজাৰ হেক্টৰ (৫৭৩,২৮৪ একৰ) ভূমিত আফিং খেতি কৰা হৈছিল ।
Afghan farmers urgently need sustainable livelihoods to reduce dependence on illicit crops.
Learn more about opium cultivation in Afghanistan in our latest report ⬇️
— UN Office on Drugs & Crime (@UNODC) November 9, 2024
ইউএনঅ’ডিচিৰ তথ্য অনুসৰি, ২০২২ চনৰ এপ্ৰিল মাহত আফিং খেতি নিষিদ্ধ কৰাৰ পিছত ২০২৩ চনৰ ভিতৰত আফিঙৰ খেতি ৯৫ শতাংশ হ্ৰাস পায়। আফগানিস্তানত ৰাষ্ট্ৰসংঘৰ সহায়ক অভিযানৰ মুৰব্বী ৰোজা অটুনবায়েভাই কয় যে,’আফগানিস্তানত পপি খেতি সঁচাকৈয়ে হ্ৰাস পাইছে আৰু ইয়াক আফগানিস্তানৰ চুবুৰীয়া ৰাষ্ট্ৰ, অঞ্চল আৰু বিশ্বই আদৰণি জনাব লাগে ।’
উল্লেখ্য যে, তালিবান শাসনত অহাৰ পাছত আফগানিস্তানত আফিং খেতি পৰম্পৰাগত অঞ্চলৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈছে। প্ৰতিবেদন অনুসৰি, পৰম্পৰাগত দক্ষিণ-পশ্চিম অঞ্চলৰ বাহিৰেও এতিয়া উত্তৰ-পূব প্ৰদেশসমূহত আফিং খেতি চলি আছে। তালিবানৰ নিষেধাজ্ঞাৰ বাবে বিশ্বৰ বজাৰত আফিঙৰ মূল্য বৃদ্ধি হোৱা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ভাল দামৰ বাবে আফিং খেতি দৰিদ্ৰ আফগানসকলৰ বাবে এক উপাৰ্জনৰ এক উৎস হৈয়েই আছে। বৰ্তমান প্ৰতি কিলোগ্ৰাম আফিং বিক্ৰী হৈছে প্ৰায় ৭৩০ ডলাৰ । এই মূল্য তালিবানৰ নিষেধাজ্ঞাৰ পূৰ্বৰ মূল্যতকৈ প্ৰায় ১০০ ডলাৰ বেছি।