অনিশ্চিত ৯ মাহৰ অন্তত পৃথিৱীত খোজ সুনীতা উইলিয়ামছৰ, ড্ৰেগনৰ কেপচুলৰ পৰা ওলাই সকলোকে জনালে অভিবাদন

অৱশেষত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নিৰাপদে পৃথিৱীলৈ উভতি আহিছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ, নিক হেগ আৰু আলেকজেণ্ডাৰ গ’ৰবুনভ । বুধবাৰে ভাৰতৰ সময় অনুসৰি পুৱতি নিশা ৩:২৭ বজাত নাছাৰ স্পেচএক্স ক্ৰু-৯ অভিযানৰ ৪ জন সদস্যই ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে।

অনিশ্চিত ৯ মাহৰ অন্তত পৃথিৱীত খোজ সুনীতা উইলিয়ামছৰ, ড্ৰেগনৰ কেপচুলৰ পৰা ওলাই সকলোকে জনালে অভিবাদন

পৃথিৱীলৈ উভতিল সুনীতা উইলিয়ামছ

Updated On: 

19 Mar 2025 17:12 PM

৯ মাহৰ অপেক্ষাৰ অন্ত। অৱশেষত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নিৰাপদে পৃথিৱীলৈ উভতি আহিছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ, নিক হেগ আৰু আলেকজেণ্ডাৰ গ’ৰবুনভ । বুধবাৰে ভাৰতৰ সময় অনুসৰি পুৱতি নিশা ৩:২৭ বজাত নাছাৰ স্পেচএক্স ক্ৰু-৯ অভিযানৰ ৪ জন সদস্যই ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰে। সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে ২০২৪ চনৰ ৬ জুনত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ নিজৰ অভিযান আৰম্ভ কৰিছিল।

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ। হেগ আৰু গৰ্বুনভে স্পেচএক্সৰ ড্ৰেগন ফ্ৰিডম মহাকাশযানত উঠি মহাকাশলৈ উৰা মাৰিছিল। নাছাত উপলব্ধ সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ উভতি অহাৰ পোনপটীয়া সম্প্ৰচাৰ। ইয়াৰ লগে লগে এক বিৰল ক্ষণৰ সাক্ষী হ’ল বিশ্ববাসী। । সকলোৱে তেওঁলোক নিৰাপদে উভতি অহাৰ বাবে প্ৰাৰ্থনা কৰি আছিল। পৃথিৱীত উপস্থিত হোৱাৰ পাছতে বিশ্বৰ লাখ লাখ লোকে মহাকাশচাৰীসকলক জনাইছে শুভেচ্ছা।

ইফালে অৱতৰণৰ পিছত ড্ৰেগনৰ পৰা ওলাই অহাৰ সময়ত সুনীতা উইলিয়ামছ আৰু নিক হেগকে ধৰি সকলো মহাকাশচাৰীৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ড্ৰেগন মহাকাশযানখনৰ সফল অৱতৰণৰ পিছত সুনীতা উইলিয়ামছকে ধৰি সকলো মহাকাশচাৰীক এজন এজনকৈ উলিয়াই অনা হৈছিল। ড্ৰেগনৰ পৰা ওলাই অহাৰ লগে লগে সুনীতা উইলিয়ামছে কেমেৰাৰ ফালে চাই হাঁহি হাঁহি সকলোকে অভিবাদন জনাই। ৯ মাহৰ পিছত ঘৰলৈ উভতি অহাৰ সুখো তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছে।

স্প্লেচডাউন ছাইটৰ ওচৰত ৰখাই থোৱা এখন ৰিকাভাৰী জাহাজে দুখন দ্ৰুত নাওৰ সহায়ত ড্ৰেগন কেপচুলটো সুৰক্ষিত কৰে। ইয়াৰ ফলত মহাকাশযানখন উদ্ধাৰৰ বাবে সুৰক্ষিত হোৱাটো নিশ্চিত কৰাত সহায়ক হৈছিল। তাৰ পিছত পুনৰুদ্ধাৰ জাহাজখনে মূল ডেকত ক্ৰু-৯ৰ সদস্যক লৈ ড্ৰেগনত উঠিবলৈ সাজু হৈছিল। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ক্ৰুৱে গেটৰ মাজেৰে ড্ৰেগনৰ পৰা সকলো মহাকাশচাৰীক উলিয়াই আনে। তাৰ পাছত ফ্ল’ৰিডাৰ উপকূলৰ ওচৰত সাগৰৰ ওপৰত স্পেচএক্স ক্ৰু ড্ৰেগন কেপচুল উৰি থকাৰ লগে লগে পেৰাচুটবোৰ খোল খালে। প্ৰথম অৱস্থাত দুটা পেৰাচুট দেখা গ’ল, তাৰ পিছত কেইছেকেণ্ডমানৰ পিছত চাৰিটা পেৰাচুট দেখা গ’ল। পেৰাচুট খোলাৰ পিছত কেপচুলটো নামিবৰ সময়ত গতি যথেষ্ট লেহেমীয়া হয়। কিছু মুহূৰ্তৰ ভিতৰতে কেপচুলটোৱে সাগৰত নিৰাপদে অৱতৰণ কৰে।

ড্ৰেগন কেপচুল পৃথক হোৱাৰ পৰা ফ্ল’ৰিডা মহাসাগৰত অৱতৰণ কৰালৈকে প্ৰায় ১৭ ঘণ্টা সময় লাগিছিল। সাগৰত অৱতৰণ কৰাৰ পিছত নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা মহাকাশচাৰীসকলক এই বাৰ্তাৰে আদৰণি জনোৱা হয়, “নিক, এলেক, বুচ, ছুনি – স্পেচএক্সৰ পৰা ঘৰলৈ স্বাগতম”। কমাণ্ডাৰ নিক হেগে উত্তৰ দিলে, “এক আচৰিত ভ্ৰমণ।”

মহাকাশযানৰ কেপচুলৰ পৰা প্ৰথমে উলিয়াই অনা হৈছিল মহাকাশচাৰী নিক হেগক। কেপচুলৰ পৰা ওলাই অহাৰ লগে লগে নিক হেগে হাত জোকাৰি নিজৰ সুখ প্ৰকাশ কৰে। দুয়োগৰাকী মহাকাশচাৰীয়ে ৯ মাহ পূৰ্বে বয়িঙৰ পৰীক্ষামূলক বিমানযোগে মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল। বুচ উইলম’ৰ আৰু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছৰ লগতে আন দুগৰাকী মহাকাশচাৰীয়ে মঙলবাৰে স্পেচএক্স কেপচুলত উঠি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা বিদায় লয়।

 

গৰমৰ দিনত দৈনিক কেঁচা পিয়াঁজ খালে কি হয় জানেনে?
কোনখন ধৰ্মগ্ৰন্থ আৰু কোনজন ভগৱানৰ মূৰ্তি লৈ সুনীতা মহাকাশত গৈছিল
৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা