5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বৰদিনৰ বাবে গৈ আছিল ঘৰলৈ, নাও দুৰ্ঘটনাত মৃত্যু ৩৮ জনৰ, ১০০ ৰো অধিক নিৰুদ্দেশ

এক ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৩৮ জনলোকে আৰু নিৰুদ্দেশ হয় ১০০ ৰো অধিকলোক। জানিব পৰা মতে বৰদিন উদযাপনৰ বাবে ঘৰলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

বৰদিনৰ বাবে গৈ আছিল ঘৰলৈ, নাও দুৰ্ঘটনাত মৃত্যু ৩৮ জনৰ, ১০০ ৰো অধিক নিৰুদ্দেশ
নাও
barasha-sarma
Barasha Sarma | Published: 22 Dec 2024 12:57 PM

এক ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৮ জনকৈলোকে। জানিব পৰা মতে আগন্তুক বৰদিনৰ বাবে একাংশলোকে নাৱৰ দ্বাৰা ঘৰলৈ গৈ আছিল। তেনে সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। কাংগোৰ কিন্সাছা চহৰত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি জানিব পৰা মতে, কিন্সাছা চহৰৰ পৰা একাংশলোক শুকুৰবাৰে মাজ নিশা ঘৰলৈ গৈ থাকোতে এই ঘটনা সংঘটিত হয়। বৰ্তমান সময়তো এই দুৰ্ঘটনাতপতিত হোৱা ১০০ জনৰো অধিকলোক নিৰুদ্দেশ হৈ আছে। আনহাতে ২০ জনলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে।

যোৱা ৪ টা দিনত এই অঞ্চলটোত এয়া দ্বিতীয়টো নাও দুৰ্ঘটনা। কিছুদিন পূৰ্বে হোৱা ঘটনাটোত প্ৰায় ২৫ জনলোকে প্ৰাণ হেৰুৱাইছিল। ঘটনা সন্দৰ্ভত ইংগেণ্ডেৰ মেয়ৰ জোচেফ কংগোলিংগোলিয়ে কয় যে, নাওখন জাহাজৰ কনভয়ৰ অংশ। এইখন জাহাজৰ লগত অন্য বহু জাহাজো আছিল। দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত অধিকাংশ ব্যৱসায়ী আছিল। এই লোকসকলে বৰদিন উদযাপনৰ বাবে নাৱৰ দ্বাৰা ঘৰলৈ গৈ আছিল।

তথ্য অনুসৰি জানিব পৰা মতে ঘটনা সংঘটিত হোৱা নাওখনত প্ৰায় ৪০০ মান যাত্ৰা আছিল। নাওখনৰ সামৰ্থতকৈ ইয়াত বেছি যাত্ৰী আছিল, যাৰ বাবে অত্যাধিক ক্ষমতা সহিব নোৱাৰি নাওখন মাজ নদীত বাগৰি পৰে। নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ একাংশলোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে একাংশক জীৱন্তে উদ্ধাৰ কৰে। ইয়াৰোপৰি এতিয়াও সন্ধানহীন হৈ আছে বহুতো।

কাংগোত এয়া প্ৰথমটো নাও দুৰ্ঘটনা নহয়। ইয়াৰ পূৰ্বেও এই ঠাইৰ পৰা বহু নাও দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। অক্টোবৰ মাবত কাংগোৰ পূৱ অঞ্চলত অতিৰিক্ত বোজাৰ বাবে হোৱা নাও দুৰ্ঘটনাত প্ৰায় ৭৮ জনলোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পূৰ্বে জুন মাহত কিংছাসাৰ ওচৰত সংঘটিত হোৱা দুৰ্ঘটনাত প্ৰায় ৮০ জনলোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰোপৰি কিছুদিন পূৰ্বে সংঘটিত হোৱা নাও দুৰ্ঘটনাত প্ৰায় ২৫ জনলোকে প্ৰাণ হেৰুৱাইছিল।

কাংগোৰ পৰা প্ৰায়ে নাও দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে য’ত বহুলোকৰ মৃত্যু হয়। উল্লেখ কৰা প্ৰয়োজন যে, কাংগোত ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত যথেষ্ঠ সমস্যা হয় বা ইয়াত পৰিবহন ব্যৱস্থা ভাল নহয়। তদুপৰি প্ৰায়ভাগ জনসাধাৰণে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ খৰচ বহন কৰিব নোৱাৰে যাৰ বাবে নাৱৰ দ্বাৰা যাতায়ত কৰে। ইয়াৰোপৰি নাওসমূহত সামৰ্থতকৈ বেছিলোকে যাতায়ত কৰে বাবে এনে ঘটনা প্ৰায়ে পোহৰলৈ আহে। শেহতীয়াকৈ হৈ যোৱা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ মৰ্মান্তিক! নাও ডুবি শিশু মহিলাসহ ২৫ জনৰ মৃত্যু, সন্ধানহীন ৮০ ৰো অধিক…

Latest News