কি এই আল কাদিৰ ট্ৰাষ্ট কেছ? যাৰ বাবে আদালতে ইমৰান খানক বিহিলে ১৪ বছৰৰ কাৰাদণ্ড…
Al Qadir Trust case: ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ইমৰান খানে এই শাস্তিৰ লগতে ১০ লাখ টকা আৰু তেওঁৰ পত্নীয়ে ৫ লাখ পাকিস্তানী টকা জৰিমনা হিচাপে পৰিশোধ কৰিব লাগিব। এই আল কাদিৰ ট্ৰাষ্ট গোচৰত খানক প্ৰথমবাৰৰ বাবে ২০২৩ চনৰ মে' মাহত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত আজি এই কঠোৰ শাস্তি দিয়া হৈছে।
আল কাদিৰ ট্ৰাষ্ট গোচৰত ১৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক । খানৰ পত্নী বুশ্বৰা বিবিকো সাত বছৰৰ কাৰাদণ্ড শাস্তিৰ ৰায়দান দিয়ে আদালতে। শাসন কালত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ ইমৰান খানৰ বিৰুদ্ধে। লগতে আল কাদিৰ বিশ্ববিদ্যালয় ন্যাস গঠনৰ নামত দেশৰ সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।
শুকুৰবাৰে পাকিস্তানৰ দুৰ্নীতি দমন আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰে। ইমৰান খানে শাস্তিৰ লগতে ১০ লাখ টকা আৰু তেওঁৰ পত্নীয়ে ৫ লাখ পাকিস্তানী টকা জৰিমনা হিচাপে পৰিশোধ কৰিব লাগিব। এই আল কাদিৰ ট্ৰাষ্ট গোচৰত খানক প্ৰথমবাৰৰ বাবে ২০২৩ চনৰ মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত আজি এই কঠোৰ শাস্তি দিয়া হৈছে।
আল কাদিৰ ট্ৰাষ্ট কেছ কি?
ইমৰানে বিভিন্ন প্ৰতিশ্ৰুতি দি পাকিস্তানত ক্ষমতালৈ আহিছিল। ঠিক ভাৰতলৈ ক’লা ধন অনাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, ইমৰানে খানে ক্ষমতালৈ অহাৰ আগতে পাকিস্তানী ৰাইজক একে ধৰণৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ ৰেলীত কৈছিল যে তেওঁ পাকিস্তানী লোকসকলৰ পৰা লুণ্ঠন কৰা সম্পদ ঘূৰাই আনিব। খানে এইদৰেও কৈছিল যে এই সম্পদৰ বেছিভাগ শ্বৰীফ আৰু জাৰ্দাৰী পৰিয়ালে বিদেশলৈ লৈ গৈছে। যেতিয়া খান প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁ বিদেশৰ পৰা পাকিস্তানলৈ বৃহৎ পৰিমাণৰ ধন অনাৰ সুযোগ পাইছিল। কিন্তু তেওঁ ইয়াক এক বেলেগ ৰূপ দিছিল। এয়াই আছিল আল কাদিৰ ট্ৰাষ্ট গোচৰৰ মূল কথা।
২০১৮ চনত ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় অপৰাধ সংস্থাই জব্দ কৰিছিল পাকিস্তানৰ এগৰাকী ডাঙৰ জমিদাৰ মালিক ৰিয়াজৰ সম্পত্তি। ৰিয়াজৰ ওপৰত তেওঁৰ ব্যৱসায়ত অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। জব্দ কৰা সম্পত্তিৰ মূল্য আছিল প্ৰায় ৫০ বিলিয়ন পাকিস্তানী টকা। ব্ৰিটিছ চৰকাৰে পাকিস্তান চৰকাৰক সুধিছিল যে সেই ধনৰ সৈতে কি কৰিব লাগে? আশা কৰা হৈছিল যে খানে এই ধন পাকিস্তানৰ ষ্টেট বেংকত জমা দিব আৰু ইয়াক জনসাধাৰণৰ সেৱাত ব্যৱহাৰ কৰিব। কিন্তু সেয়া নহ’ল। কোৱা হয় যে খানৰ কেবিনেটে এটা কৌশল প্ৰস্তুত কৰিছিল। যিয়ে পাকিস্তানলৈ সেই ধন আনিছিল কিন্তু অলপ বেলেগ ধৰণে।
যেতিয়া ব্ৰিটেইন আৰু পাকিস্তানে ৫০ বিলিয়ন টকাৰ আলোচনা কৰি আছিল, সেই সময়ত মালিক ৰিয়াজেও পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত এটা পৃথক গোচৰৰ সন্মুখীন হৈছিল। য’ত তেওঁক ৪৬০ বিলিয়ন টকাৰ জৰিমনা বিহা হৈছিল। ইমৰান খানে এনে ব্যৱস্থা কৰিছিল যে ৰিয়াজৰ ৫০ বিলিয়ন টকাৰ জব্দ কৰা সম্পত্তি পাকিস্তানলৈ আহিব কিন্তু ইয়াক জৰিমনা হিচাপে উচ্চতম ন্যায়ালয়ৰ একাউণ্টত জমা দিয়া হ’ব। ইয়াৰ অৰ্থ এইটোৱে যে ৫০ বিলিয়ন টকাৰ এনে চুক্তি প্ৰস্তুত কৰা হৈছিল য’ত ৰিয়াজৰ ধন ঘূৰি আহিছিল কিন্তু সেই ধন তেওঁৰে জৰিমনা হিচাপে গ্ৰহণ কৰা হৈছিল। এইখিনিলৈকেও তেনে কোনো সমস্যা নাছিল। কিন্তু প্ৰকৃত কাহিনীটো তাৰ পিছত আৰম্ভ হৈছিল।
এয়া চতুৰ্থটো ডাঙৰ ঘটনা আছিল য’ত ইমৰান খান শাস্তিৰ সন্মুখীন হ’ব লগা আছিল। ইয়াৰ পূৰ্বে বিগত বছৰৰ জানুৱাৰীত, তেওঁ টোছাখানা গোচৰ (চৰকাৰী উপহাৰ বিক্ৰী), চাইফাৰ গোচৰ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ দ্বাৰা প্ৰেৰণ কৰা তথ্য লিক কৰা) আৰু ইড্ডাট গোচৰ (অবৈধ বিবাহ)ত দোষী সাব্যস্ত হৈছিল। ইয়াৰ উপৰিও, ইমৰান খান আন বহুতো গোচৰৰ সন্মুখীন হৈছে। খানৰ মতে যে এই সকলোবোৰ ঘটনা ৰাজনৈতিকভাৱে অনুপ্ৰেৰিত। আল কাদিৰ ট্ৰাষ্ট গোচৰত খানক দিয়া ১৪ বছৰৰ শাস্তি উচ্চতম আদালততো বৰ্তি থাকিব সেয়া চাব লগা বিষয়।